Local, Vocal, Global

Pension Scheme:গণৰাজ্য দিৱসৰ দিনাই চৰকাৰী কৰ্মচাৰীলৈ এক নতুন পেঞ্চন নীতি ঘোষণা মুখ্যমন্ত্ৰীৰ


২৭ জানুৱাৰী ২০২৫ ৱেব ডেস্ক :গণৰাজ্য দিৱসৰ দিনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰৰ কৰ্মচাৰীলৈ এক নতুন পেঞ্চন নীতি।চলিত ২০২৫ বৰ্ষৰ ১ এপ্ৰিলৰ পৰাই ৰাজ্য চৰকাৰৰ পাব UPS অৰ্থাৎ Unified Pension Scheme। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে ১০ বছৰ চাকৰি কৰিলে পাব ১০ হাজাৰ টকাৰ পেঞ্চনৰ গেৰাণ্টি। কৰ্মচাৰীয়ে শেষৰ বছৰৰ বেছিক পে’ৰ ৫০% আৰু ৫০% মৰগীয়া বানচ লাভ কৰিব।ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে চাকৰিৰ কাৰ্যকাল ২৫ বছৰ সম্পূৰ্ণ হ’লেহে পাব UPSৰ অধীনত পেঞ্চন।ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে আধাতে চাকৰি এৰিলে অথবা কাৰ্যকাল ২৫ বছৰ নহ’লে নাপায় UPS।
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে স্বেচ্ছামূলক অৱসৰ ল’লে ৬০ বছৰৰ পিছতে পাব পেঞ্চন।NPSৰ দৰে UPSতো দৰমহাৰ পৰা ১০% ধন দিব লাগিব কৰ্মচাৰীয়ে।UPSত সংশ্লিষ্ট চৰকাৰী বিভাগে পেঞ্চনৰ বাবে দিব ১৮.৫% ধন। NPSৰ পৰা UPSলৈ গ’লে জমা ধন যাব UPS লৈ।