Villagers spends money from pocket to build bamboo bridge in Teok:ৰাইজৰ গাঁঠিৰ ধনেৰে জাঁজীমুখ বৰজান নৈ ওপৰত বাঁহৰ দলঙ নিৰ্মাণ
২৬ জানুৱাৰী ২০২৫,টিয়ক:সমগ্ৰ দেশে আজি গণৰাজ্য দিৱসৰ দিন উৎযাপন কৰা সময়তে যোৰহাট জিলাৰ ঢেকীয়াখোৱা অঞ্চলটোৰ ৰাইজে এক ব্যক্তিক্রমী পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয়। উল্লেখ যে ঢেকীয়াখোৱা বৰ নামঘৰৰ পৰিচালনা সমিতিৰ সম্পাদক তথা অঞ্চলটোৰ সমাজ দৰদী ব্যক্তি ৰাতুল বৰাৰ প্ৰচেষ্টাৰ লগতে শ্যাম সুন্দৰ মন্দিৰ, ঢেকীয়াখোৱা বৰ নামঘৰৰ পৰিচালনা সমিতি, টীয়ক নিৰ্মাণ গোটৰ যৌথ সহযোগত ঢেকীয়াখোৱা জাঁজীমূখ সংযোগী দ পথাৰ মঠাউৰি পথৰ বৰজান নৈ ওপৰত নিজৰ গাঁঠিৰ ধনৰে ব্যক্তি সকলে বাঁহৰ দলঙ নিৰ্মাণ কৰি আজি দিনটোত লোক সকল ওলাই আহি সকলো হাতে কামে কাম কৰি মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰে। মন কৰিবলগীয়া যে বিগত পঞ্চায়তৰ কাৰ্যকালত কৃষিজীৱী প্ৰধান অঞ্চলটোৰ এক মাত্ৰ ভৰষা স্থল এই জাঁজীমুখ সংযোগী ঢেকীয়াখোৱা মঠাউৰি নিৰ্মাণ পথৰ কাম আগবঢ়াব লাগিছিল যদিও কোনো ধৰনৰ পদক্ষেপ গ্ৰহণ নকৰিলে বুলি কৃষক ৰাইজে জানিবলৈ দিয়ে। সেয়েহে অঞ্চলটোৰ যুৱক,তথা লোক সকলে এটি প্ৰীতি ভোজ আয়োজন কৰি চৰকাৰ লৈ বাট নাচাই সকলোৰে সহায় হোৱাকৈ বাঁহেৰে দলঙ খন নিৰ্মাণ কৰি সমস্যা সমাধান কৰিবলৈ আজি ব্যক্তি ক্ৰমী পদক্ষেপ গ্ৰহণ কৰে।