Republic Day 2025 : দেৰগাঁৱত ৭৬ সংখ্যক গণৰাজ্য দিৱস পালন

দেৰগাঁও,২৬জানুৱাৰী : দেৰগাঁৱত ৭৬ সংখ্যক গণৰাজ্য দিৱস পালন।
দেৰগাঁৱবাসীৰ বাবে ৭৬ সংখ্যক গণৰাজ্য দিৱস ২০২৫ এক ঐতিহাসিক দিন ৰূপে পৰিগণিত হয়।
দেৰগাঁৱত পোনপ্ৰথমবাৰৰ বাবে সমজিলা হোৱাৰ পাছত দেৰগাঁও নিউ ফিল্ডত উলহ মালহেৰে গণতন্ত্ৰ দিৱস পালন কৰা হয়।
দেৰগাঁও নগৰ ২০২৪ চনৰ ৪ অক্টোবৰ তাৰিখে সম জিলা হিচাপে ঘোষণা কৰা হৈছিল।
সমজিলা হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দেৰগঞা ৰাইজে নতুন ৰূপত গণতন্ত্ৰ দিৱস উদযাপন কৰি উৎফুল্লিত হৈ পৰাৰ পৰিলক্ষিত হৈছে।
এইবাৰ ৭৬ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন কৰাৰ বাবে দেৰগাঁৱত নিৰাপত্তা অধিক কটকটীয়া কৰি তোলা হয়(Republic Day 2025)।
বিভিন্ন ধৰণৰ দৃষ্টিনন্দন খেল প্ৰৰ্দশনৰ লগতে দেৰগাঁও ট্ৰেইনিং চেণ্টাৰৰ প্ৰথম বাৰৰ বাবে বাইক ৰাইডাৰৰ(Dare Devils) দ্বাৰা বাইকৰ দুসাহসিক খেল ট্ৰেইনিং চেণ্টাৰ চৌহদৰ বাহিৰত প্ৰদৰ্শন কৰা হয়।
এই প্ৰদৰ্শনে সমাবেত ৰাইজৰ লগতে উপস্থিত বহু গন্য মান্য ব্যক্তি সকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।
এখন প্ৰীতি ক্ৰিকেট খেল আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান,সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান, দেশ প্ৰেম মূলক গীত, নৃত্য প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰি আয়ুক্তকে ধৰি নিমন্ত্ৰিত অতিথিৰ লগতে ৰাইজৰো দৃষ্টি আকৰ্ষণ কৰে।
এই উপলক্ষে গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলন কৰে দেৰগাঁৱৰ সমজিলাৰ আয়ুক্ত দামোদৰ বৰ্মনয়ে।
লগতে পঢ়ক :Republic Day 2025 : নগৰবেৰাত ৭৬সংখ্যক গণৰাজ্য দিৱস উদযাপন