Republic Day 2025 : নগৰবেৰাত ৭৬সংখ্যক গণৰাজ্য দিৱস উদযাপন
নগৰবেৰা,২৬জানুৱাৰী : দেশজুৰি উদযাপন ৭৬সংখ্যক গণৰাজ্য দিৱস৷
সমগ্ৰ দেশৰ লগতে নগৰবেৰাতো অতি উলহ মালহেৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় গণৰাজ্য দিৱস৷
নগৰবেৰা ৰাজহ চক্ৰৰ উদ্যোগত আৰু অঞ্চলবাসী ৰাইজৰ সহযোগত নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদযাপন কৰা হয় গণৰাজ্য দিৱস৷
সেই অনুসৰি পুৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উৎপল কুমাৰ ডেকাই ৷
গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয় খেলপথাৰত নগৰবেৰা অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠান সমূহৰ ছাত্ৰ-ছাত্ৰী সকলে দেশপ্ৰেমমূলক বিভিন্ন গীতত নৃত্য পৰিৱেশই কৰে৷
ইয়াৰোপৰি একেটা অনুষ্ঠানতে বিশিষ্ট নাগৰিক,কৃষক, খেলুৱৈ, অৱসৰপ্ৰাপ্ত শিক্ষক,অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সকলোৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি সকলোকে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়(Republic Day 2025)।
গণৰাজ্য দিৱসৰ এই অনুষ্ঠানে সমগ্ৰ অঞ্চলটোতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে৷