Local, Vocal, Global

Republic Day 2025 : ৰাজধানী দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱস পতাকা উৰুৱালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

নিউজ ডেস্ক,২৬জানুৱাৰী : আজি দেশে উদযাপন কৰিছে ৭৬ সংখ্যক গণৰাজ্য দিৱস । ৰাজধানী দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱস পতাকা উৰুৱালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৷ ত্ৰিৰংগা উৰুৱাই দেশবাসীক সম্বোধন কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷এইবাৰ গণৰাজ্য দিৱসৰ মূখ্য অতিথি হিচাবে উপস্থিত থাকে ইণ্ডোনেচিয়াৰ ৰাষ্ট্ৰপতিগৰাকী(Republic Day 2025) ৷

এই বছৰৰ গণৰাজ্য দিৱসৰ মূলমন্ত্ৰ হৈছে ‘‘স্বৰ্ণিম ভাৰত; ঐতিহ্য আৰু উন্নয়ন’’ । গণৰাজ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্ভাষণ জনোৱাৰ লগতে এখন সমৃদ্ধিশালী ভাৰতৰ দিশত কাম কৰাৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ আহ্বান জনায়।

দিল্লীৰ কৰ্তব্য পথত প্ৰদৰ্শিত হৈছে দেশৰ শৌৰ্য-বীৰ্য আৰু পৰাক্ৰম, বিভিন্ন ৰাজ্যৰ প্ৰতীকপট।

লগতে পঢ়ক :Republic Day 2025 : প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰিলে মুখ্যমন্ত্ৰীয়ে