Class 10th and 12th board admit card: দশম আৰু দ্বাদশ ব’ৰ্ড পৰীক্ষাৰ এডমিট কাৰ্ড কেতিয়া দিয়া হ’ব?
২৪ জানুৱাৰী ২০২৫ ৱেবডেস্ক : শীঘ্ৰেই দশম আৰু দ্বাদশ ব’ৰ্ড পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি কৰিব কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে (চিবিএছই)। লাখ লাখ নিয়মীয়া ছাত্ৰ-ছাত্ৰীয়ে
বিদ্যালয়ৰ পৰা এডমিট কাৰ্ড লাভ কৰিব, আনহাতে ব্যক্তিগত ছাত্ৰ-ছাত্ৰীয়ে চিবিএছইৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব।পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ বাবে এডমিট কাৰ্ড আটাইতকৈ গুৰুত্বপূৰ্ণ নথি। এডমিট কাৰ্ড অবিহনে পৰীক্ষা হলত প্ৰৱেশৰ অনুমতি দিয়া নহ’ব, সেয়েহে পৰীক্ষাৰ দিনা ছাত্ৰ-ছাত্ৰীয়ে নিজৰ লগত এডমিট কাৰ্ড থকাটো নিশ্চিত কৰিব লাগিব।
জানুৱাৰীৰ শেষৰ ফালে বা ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে এডমিট কাৰ্ড মুকলি কৰাৰ সম্ভাৱনা আছে।উল্লেখ্য যে,২০২৩ আৰু ২০২৪ চনতপৰীক্ষা আৰম্ভ হৈছিল ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰা (১৪ৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ)। এই ভিত্তিত ২০২৫ চনৰ এডমিট কাৰ্ডো ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত প্ৰদান কৰাৰ সম্ভাৱনা আছে। এডমিট কাৰ্ডত পৰীক্ষাৰ লগত জড়িত সকলো গুৰুত্বপূৰ্ণ তথ্য থাকিব। এইবোৰত ছাত্ৰৰ নাম, ৰোল নম্বৰ, পৰীক্ষা কেন্দ্ৰৰ ঠিকনা, পৰীক্ষাৰ তাৰিখ আৰু সময় আদি সবিশেষ তথ্য সন্নিবিষ্ট কৰা হয়।পৰীক্ষাৰ প্ৰায় এসপ্তাহ পূৰ্বে চিবিএছইয়ে এডমিট কাৰ্ড মুকলি কৰে। ২০২৫ চনৰ পৰীক্ষাৰ বাবেও ২৬ জানুৱাৰীৰ পিছত যিকোনো সময়তে এডমিট কাৰ্ড মুকলি কৰিব।নিয়মীয়া ছাত্ৰ-ছাত্ৰী য়ে নিজৰ স্কুলৰ পৰা এডমিট কাৰ্ড লাভ কৰিব পাৰিব আৰু ব্যক্তিগত ছাত্ৰ-ছাত্ৰীয়ে চিবিএছইৰ অফিচিয়েল ৱেবছাইটৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।