Local, Vocal, Global

Subhas Chandra Bose Jayanti 2025: সোণাপুৰৰ এলেঙাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ তম জন্ম জয়ন্তী পালন

নিউজ ডেস্ক,২৩জানুৱাৰী : সোণাপুৰৰ এলেঙাত নেতাজী সুভাষচন্দ্ৰ বসুৰ ১২৯ তম জন্ম জয়ন্তী পালন।

দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি নেতাজীৰ জন্ম জয়ন্তী উদযাপনৰ সমান্তৰালকৈ সোণাপুৰৰ এলেঙাতো নেতাজীৰ ১২৯ তম জন্ম জয়ন্তী পালন কৰা হয়।

এলেঙা নেতাজী যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত নেতাজীৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি পুৱা এলেঙা নেতাজী যুৱক সংঘৰ পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে সংঘৰ সভাপতি জয়দেব পুৰকায়স্থই(Subhas Chandra Bose Jayanti 202)।

ইয়াৰ পাছতেই কন কন লৰা ছোৱালী আৰু স্থানীয় ৰাইজৰ দ্বাৰা এক শোভাযাত্ৰা উলিওৱাৰ লগতে নেতাজীৰ প্ৰতিমূৰ্ত্তি উন্মোচন আৰু মাল্যৰ্পন কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে অসম পণ্যগাৰ নিগমৰ উপাধ্যক্ষ তথা অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক ড° তপন দাসে।

ইয়াৰ পাছতেই অনুষ্ঠিত মুকলি সভাত নেতাজীৰ জীৱন ৰাজি,দেশ প্ৰেম আৰু ত্যাগৰ ওপৰত আলোকপাত কৰা হয়।

লগতে পঢ়ক :Hatsingimari News:৬ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী দাহ