Republic Day 2025 : সমাগত গণতন্ত্ৰ দিৱস;অসম আৰক্ষীয়ে চলাইছে নিৰবিচ্ছিন্ন অভিযান
গহপুৰ,২৩জানুৱাৰী : সমাগত দেশৰ গণতন্ত্ৰ দিৱস। গণতন্ত্ৰ দিৱসত কূটাঘাত ৰুধিবলৈ সষ্টম হৈ পৰিছে অসম আৰক্ষী।
ৰাজ্যৰ প্রান্তে-প্রান্তে এতিয়া অসম আৰক্ষীয়ে চলাইছে নিৰবিচ্ছিন্ন অভিযান(Republic Day 2025)।
গহপুৰ – নাৰায়ণপুৰ সীমান্তৱৰ্তী তথা লখিমপুৰ জিলাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্রীয় ঘাইপথত নিশা আৰক্ষীৰ তালাচী অভিযান । ধলপুৰ আৰক্ষী চকীৰ সমীপত এনেদৰে এতিয়া চলিছে কূটাঘাত বিৰোধী অভিযান। তন্ন-তন্নকৈ চলিছে প্ৰতিখন বাহনত তালাচী।
আগন্তুক গণৰাজ্য দিৱসত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰবাবে এতিয়া এনেদৰে ব্যস্ত হৈ পৰিছে প্ৰতিগৰাকী আৰক্ষী প্ৰশাসনৰ লোক।
লগতে পঢ়ক :Mysterious Death of Assam Youth: গুৱালৈ কামৰ সন্ধানত গৈ ৰহস্যজনক মৃত্যু গোৰেশ্বৰৰ যুৱকৰ