Jamugurihat News:জামুগুৰিহাটত অবৈধ সুৰাৰ বিৰূদ্ধে তীব্ৰ অভিযান মহিলাৰ
জামুগুৰিহাট,২৩জানুৱাৰী : জামুগুৰিহাটত অবৈধ সুৰাৰ বিৰূদ্ধে তীব্ৰ অভিযান মহিলাৰ ৷ অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে জপিয়াই পৰিল মহিলা সমাজ ৷
উল্লেখ্য যে, জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত চলি থকা মদ,ভাং,জুৱা আদিৰ অবাধ প্ৰচলনে শৈক্ষিক সামাজিক পৰিবেশ বিনস্ত কৰি থকাৰ বিৰুদ্ধে মঙলবাৰৰ বিয়লি প্ৰতিবাদত নমা মহিলা সকলে সফল নোহোৱাত বুধবাৰে দ্বিতীয় দিনা সন্ধিয়াও এইদৰেই মহিলা সমাজ ওলাই আহি সুৰা বিৰোধী অভিযানত হাতে কামে লগা পৰিলক্ষিত হয় ৷
জামুগুৰিহাটৰ বৃহত্তৰ টুপীয়া অঞ্চলৰ পৰা সন্ধিয়া ওলাই অহা মহিলা সকলে জামুগুৰি আৰক্ষীৰ সহযোগত টুপিয়া ব্যৱসায় কেন্দ্ৰৰ কেইবাখনো দোকানত অভিযান চলাই বৃহৎ পৰিমানৰ অবৈধ অৰুনাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়(Jamugurihat News)৷
সচেতন মহিলা সকলে অভিযোগ কৰা মতে অঞ্চলটোত সুলভ মূল্যৰ অৰুনাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ বাবেই আমাৰ সৰু লৰা তথা ছাত্ৰ যুৱক সমাজেও সুৰা সেৱন কৰি ধ্বংসৰ মুখলৈ গতি কৰিছে ৷ নিচাজাতীয় সামগ্ৰী অবৈধ অৰুনাচলী সুৰা,চুলাই মদ, ভাং ,জুৱা আৰু তীৰ খেলৰ অবাধ প্ৰচলনে বিশেষভাৱে ক্ষতিগ্ৰস্ত কৰিছে মহিলা সমাজক৷
বহু লোকৰ ঘৰ সমুহত সুৰা সেৱন কৰা স্বামী সকলে সুৰাৰ ৰাগীত মতলীয়া হৈ পত্নীক শাৰিৰিক মানসিক নিৰ্যাতন চলাই গৈছে৷ ইয়াৰ পৰিণতিত স্বৰূপেই ঘৰ সমূহত সৃষ্টি হোৱা পাৰিবাৰিক কন্দলৰ বাবেই কোনোবা মহিলা শাৰিৰক নিৰ্যাতনৰ বলি চিকিৎসাধীন হবলগীয়া হোৱাৰ লগতে একাংশ গুৰুতৰ ভাৱে আহত মহিলাই অকাল মৃত্যু পৰ্যান্ত সাৱতি লৱলগীয়া হৈছে৷
গতিকেই এনে ধৰণৰ অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনোৱাৰ পিছতো সফল নোহোৱাত মহিলা সমাজে আৰক্ষীৰ সহযোগত সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে এই অভিযান চলাবলৈ বাধ্য হৈছে ৷ অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ অৰুনাচলী সুৰা,চুলাই মদ,ভাংৰ ৰমৰমীয়া ব্যৱসায়ৰ লগতে তীৰ খেলৰ ব্যৱসায় বন্ধ কৰাৰ বাবে অনাগত দিনতো মহিলা সকল একত্ৰিত হৈ এই অবৈধ ব্যৱসায়ী সকলৰ বিৰুদ্ধে কথোৰ অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে সচেতন মহিলা সকলে ৷