Local, Vocal, Global

Comedian Kapil Sharma: এইবাৰ কমেডিয়ান কপিল শৰ্মালৈ মৃত্যু ভাবুকি

নিউজ ডেস্ক,২৩জানুৱাৰী : এইবাৰ কমেডিয়ান কপিল শৰ্মালৈ মৃত্যু ভাবুকি। পাকিস্তানৰ পৰা ই-মেইল যোগে আহিছে ভাবুকি(Comedian Kapil Sharma)।

ই-মেইলটোত লিখা হৈছে যে “আমি আপোনাৰ শেহতীয়া কাৰ্যকলাপ তীক্ষ্ণ দৃষ্টিৰে চাই আছো। আমি বিশ্বাস কৰোঁ যে এটা স্পৰ্শকাতৰ বিষয় আপোনালোকৰ দৃষ্টিগোচৰ কৰাটো প্ৰয়োজনীয়। এইটো কোনো ৰাজহুৱা ষ্টাণ্ট বা আপোনাক হাৰাশাস্তি কৰাৰ চেষ্টা নহয়। আমি অনুৰোধ কৰিছোঁ যে আপুনি এই বাৰ্তাক গুৰুত্বসহকাৰে লওক আৰু গোপনীয়তা বজাই ৰাখক।’’

লগতে ই-মেইল প্ৰেৰকৰ সকীয়নি, যদিহে তেওঁৰ দাবী আঠ ঘণ্টাৰ ভিতৰত পূৰণ নহয় তেন্তে ইয়াৰ ফলত “বিপজ্জনক পৰিণতি” হ’ব পাৰে। কিন্তু প্ৰেৰকজনৰ দাবীৰ সবিশেষ এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই(Comedian Kapil Sharma receives death threat)।

লগতে পঢ়ক :Road Accident in Marigaon :দ খাৱৈত বাগৰি পৰিল ট্ৰেক্টৰ;নিহত দুজন