Aquilaria malaccensis tree : পূব যোৰহাটৰ কাকজানত সাঁচি গছ চুৰি;চি চি কেমেৰাত আবদ্ধ হৈছে সমগ্ৰ দৃশ্য
টীয়ক,২২জানুৱাৰী : পূব যোৰহাটৰ কাকজানত সাঁচি গছ চুৰি । চি চি কেমেৰাত আবদ্ধ হৈছে সমগ্ৰ ঘটনা ।
লাহদৈগড় আৰক্ষী চকী অন্তৰ্গত কাকজান বনগাঁও তিনি আলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত দুই লাখৰো অধিক টকাৰ সাঁচি গছ গোদামৰ পৰা কাটি থোৱা সাঁছি চুৰি কৰাৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে(Aquilaria malaccensis tree)।
ইয়াৰ আগতেও এই স্থানৰ পৰা সাঁচি গছ চুৰি হৈছিল। কাকজান বনগাঁও তিনি আলিৰ অঞ্চলটোৰ কেইবাজনো যুৱকে ব্যৱসায় কৰা গোদামটোৰ পৰা কাটি থোৱা আৰু বটালী মৰা সাঁচি গুদামৰ তলা ভাঙি চুৰে লৈ যায়।
ইফালে এই সমগ্ৰ চুৰি ঘটনাটো চি চি কেমেৰাত চোৰৰ ভিজুৱেল আবদ্ধ হৈছে। এই সমগ্ৰ ঘটনা সংকান্তত যুৱক কেইজনে চিচি কেমেৰা ভিজুৱেল সহ এজাহাৰ লাহদৈগড় আৰক্ষী চকীত দাখিল কৰিছে।
এই সমগ্ৰ ঘটনা আৰক্ষীৰ তদন্ত অব্যাহত আছে যদিও বৰ্তমান লৈকে চুৰ কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ পূৰ্বেও মুদৈজান, কাকজান,আৰন্ধৰা গাঁও আদি অঞ্চলত সাঁচি চুৰি ঘটনা সংঘটিত হৈ আহিছে।