Drugs seized : মাজৰচৰতজব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ;গ্ৰেপ্তাৰ সৰবৰাহকাৰী
বৰপেটা,২২জানুৱাৰী : বৰপেটা জিলাৰ চেঙাৰ মাজৰচৰত ড্ৰাগছ বিৰোধী অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। গ্ৰেপ্তাৰ তিনিজনকৈ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী(Drugs seized)।
আলোপতিচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেবাশীষ কাশ্যপৰ নেতৃত্বত চলে এই অভিযান। গাঁওখনৰ ৰেজাউল কৰিম তালুকদাৰ ওৰফে মোশ্বাৰফৰ ঘৰত আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই গ্ৰেপ্তাৰ কৰে মেহবুব আলম ভূঞা, আনোৱাৰ হুছেইন আৰু ছমেদ আলীক। নিশাৰ আন্ধাৰৰ সুযোগ বুজি খিৰিকী ভাঙি মূল অভিযুক্ত তথা ঘৰৰ গৃহস্থ ৰেজাউল কৰিম তালুকদাৰ ওৰফে মোশ্বাৰফ পলাবলৈ সক্ষম হয়।
ড্ৰাগছ সৰবৰাহকাৰী তিনিজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৫টাকৈ চাবোনৰ বাকচ ভৰ্তি (50.7 গ্ৰাম) ড্ৰাগছ আৰু কিছু নগদ ধন। জব্দকৃত ড্ৰাগছ খিনি ব্ৰাউন ছুগাৰ বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ইয়াৰ বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা হব বুলি অনুমান কৰিছে(
Drugs peddler arrested along with drugs)।
উল্লেখ্যযোগ্য যে,আলোপতি আৰক্ষী থানাৰ বিভিন্ন এলেকাত দীৰ্ঘদিনৰে পৰা একাংশই চলাই আছে ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা।মাজে সময়ে আৰক্ষীয়ে অভিযান চলাই দুই এজনক গ্ৰেপ্তাৰ কৰাৰ পাছতো ড্ৰাগছ বেহা অব্যাহত ৰাখে একাংশ সৰবৰাহকাৰীয়ে। শীঘ্ৰেই চৰাঞ্চলত চলি থকা ড্ৰাগছৰ বেহা বন্ধ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।