Local, Vocal, Global

Drugs peddler arrested along with drugs:মানকাচৰৰ কালাপানীত আৰক্ষীৰ ড্ৰাগছৰ বিৰোধী অভিযান;জব্দ বুজন পৰিমাণৰ হেৰ’ইন

মানকাচৰ,২২জানুৱাৰী : নিশা মানকাচৰৰ কালাপানীত আৰক্ষীৰ ড্ৰাগছৰ বিৰোধী অভিযান।

কালাপানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশ শইকীয়াৰ নেতৃত্বত চলে অভিযান ।

কালাপানী আৰক্ষীয়ে চিৰাখোৱা লোক নিৰ্মাণ বিভাগৰ পথত চলাই অভিযান(Drugs peddler arrested along with drugs)।

অভিযানত এজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰাৰ লগতে ১১ টা সন্দেহজনক হেৰ’ইনৰ কন্টেইনাৰ জব্দ কৰাৰ লগতে এটা মোবাইল ফোন আৰু নগত ৪৮৫ টকা জব্দ কৰে।

আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী জন চিৰাখোৱাৰ ৰমজান আলী (২৪) বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :Blast on court premises in Sonari: সোণাৰিত আদালত চৌহদত বিস্ফোৰণ; আহত অস্থায়ী কৰ্মচাৰী