Local, Vocal, Global

Chhattisgarh: মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ; সংঘৰ্ষত নিহত ১৪জনকৈ মাওবাদী

নিউজ ডেস্ক,২১জানুৱাৰী : ছত্তীশগড়-উৰিষ্যা সীমান্তৰ মইনপুৰ থানাৰ অন্তৰ্গত এখন অৰণ্যত নিৰাপত্তাৰক্ষীৰ অভিযান।মাওবাদীৰ দলটোৱে আশ্ৰয় লৈ থকাৰ খবৰ পাই নিৰাপত্তাৰক্ষীয়ে চলাইচিল এই অভিযান(14 Maoists killed in encounter with police at Gariaband)।

অভিযানত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হয়। ছত্তীশগড়ৰ গৰীয়াবান্ধ জিলাত সংঘটিত হয় সংঘৰ্ষ । সংঘৰ্ষত নিহত হয় ১৪জনকৈ মাওবাদীৰ।

নিহত মাওবাদীসকলৰ ভিতৰত আছে, কেন্দ্ৰীয় সমিতিৰ সদস্য জয়ৰাম ওৰফে চালপতি(Chhattisgarh)।

সংঘৰ্ষস্থলীৰ পৰা এটা স্বয়ংক্ৰিয় ৰাইফল, বৃহৎ সংখ্যক গোলা- বাৰুদ, আই ই ডিকে ধৰি বৃহৎ পৰিমাণৰ নগদ ধনো উদ্ধাৰ কৰা হৈছে।

লগতে পঢ়ক :Kaziranga National Park: কঁহৰা বনাঞ্চলত দুই বাঘৰ নান্দনিক দৃশ্য