Seven dead in Bihar after consuming spurious liquor:বিষাক্ত সুৰা সেৱন কৰি মৃত্যু ৭জনকৈ লোকৰ

নেশ্যনেল ডেস্ক,২১জানুৱাৰী : সুৰাপানৰ ভয়ংকৰ পৰিণতি । সুৰাপান কৰি মৃত্য়ু ৭জনকৈ লোকৰ । বিহাৰৰ পশ্চিম চম্পাৰণ জিলাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা(Seven dead in Bihar after consuming spurious liquor)।
সুৰা নিষিদ্ধ বিহাৰৰ চম্পাৰণ জিলাত বিষাক্ত সুৰা সেৱন কৰি ৭ জন লোকৰ মৃত্যু হোৱাৰ অভিযোগ।ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ প্ৰশাসনৰ(7 People Die After Allegedly Consuming Spurious Liquor In Bihar)।
খবৰ অনসুৰি, ঘটনা সন্দৰ্ভত দেওবাৰে আৰক্ষীয়ে খবৰ লাভ কৰে যদিও চাৰিদিন পূৰ্বে সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো আৰু ইতিমধ্যে মৃত লোককেইজনৰ মৃতদেহৰ শেষকৃত্য কৰা হয় বুলি বিষয়াগৰাকীয়ে জনায়। জিলা আৰক্ষী অধীক্ষক শৌৰ্য সুমনে জনোৱা মতে, লৌৰিয়া থানা এলেকাৰ পৰা আটাইকেইজন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে।
স্থানীয় লোকে মৃত্যুৰ বাবে বিষাক্ত সুৰা সেৱনৰ বাবে দোষাৰোপ কৰে।
লগতে পঢ়ক :Reserve Closed : অৱশেষত আৰক্ষী বিষয়া উৎপল চান্দক ৰিজাৰ্ভ ক্ল’জড