Local, Vocal, Global

Gunotsav : জামুগুৰিহাটৰ তৌভঙাৰ নবিল প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হল দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ

জামুগুৰিহাট,২০জানুৱাৰী : দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি দ্বিতীয় দিন । জামুগুৰিহাটৰ তৌভঙাৰ নবিল প্ৰাথমিক বিদ্যালয়ত আজি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ অনুষ্ঠান অনুষ্ঠিত হয়।

এই উপলক্ষে পুৱাই অনুষ্ঠানটি ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰাৰ পিছতে প্ৰাচিৰ প্ৰত্ৰিকা উন্মোচন কৰে বহী মূল্যায়ন বিষয়া তথা চতিয়া কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক অৰুণ হাজৰিকাই ।

বিদ্যালয় খনিৰ প্ৰধান শিক্ষক শান্তনু গৌতমে আতধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে তৰাজান প্ৰাথমিক বিদ্যালয় শিক্ষয়িত্ৰী জ্ঞানশ্ৰী শইকীয়া ,শিক্ষক গজেন মিলি, মিত্ৰদেৱ হাজৰিকা ,সমাজসেৱক শংকৰ দাসকে ধৰি গন্যমান্য ব্যক্তি সকলে(Gunotsav)৷

লগতে পঢ়ক :Kaliabor News: বাঘজানলৈ গৌৰৱ কঢ়িয়াই অনা শ্ৰী যুতা ৰুনু বৰালৈ সম্বৰ্ধনা