Naga miscreants grab Assam’s land : উত্তপ্ত মৰিয়নিৰ সীমান্ত;পুনৰ নগা দুস্কৃতিকাৰী অসমৰ ভূমি দখল
মৰিয়নি,২০জানুৱাৰী : উত্তপ্ত মৰিয়নিৰ সীমান্ত । অস্ত্ৰ শস্ত্ৰৰে সু-সজ্জিত নগা দুস্কৃতিকাৰী অসমৰ ভূমি দখল।
এইবাৰ চেলেংহাটৰ তিৰুহিলচ সংৰক্ষিত বনাঞ্চলৰ সেউজ বনাঞ্চল উচন কৰি নগাৰ বেদখল।
ৰজাবাৰী গাওঁৰ সন্তোষ কৰ্মকাৰ নামৰ এজন ব্যক্তিৰ ম্যাদি মাটিত ভয় ভাবুকিৰে দখল নগা দুস্কৃতিকাৰীৰ।
নাগালেণ্ডৰ ইয়া চাং চি বস্তীৰ নগাই আৰম্ভ কৰিছে এই বেদখল(Naga miscreants grab Assam’s land)।
কিছুদিন পূৰ্বে যোৰহাটৰ এটা আৰক্ষী দলকো আবদ্ধ কৰি মাৰপিট কৰিছিল ইয়া চাঙ বস্তীৰ নগাই।
লগতে পঢ়ক :Nagarbera News :নগৰবেৰা মৌজা কমিটিৰ শতবৰ্ষ সমাৰোহ