Local, Vocal, Global

Do you have frequent hair loss?Learn How To get rid of hairloss problems:সঘনাই চুলি সৰিছে নেকি ? চুলি সৰা সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি জানি লওক !

ডিজিটাল ডেস্ক,১৭ জানুৱাৰী : বৰ্তমান সময়ত চুলি সৰা সমস্যা সমস্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ৷ বিশেষকৈ যুৱক-যুৱতীসকলে এই সমস্যাত বেছিকৈ ভোগা দেখা যায় ৷ চুলি সৰা সমস্যা বেছিভাগে নিৰ্ভৰ কৰে আপোনাৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ ওপৰত ৷ খাদ্যাভ্যাস সুষম আৰু ভাল কৰি ৰাখিলে ইয়াৰ পৰা সহজেই পৰিত্ৰাণ পাব পাৰি ৷ ইয়াৰ বাবে পুষ্টিকৰ উপাদানসমূহক খাদ্যৰ অংশ হিচাপে গঢ়ি তুলিব লাগিব ৷ যদি আপোনাৰো এই সমস্যা আছে তেন্তে নিশ্চিতভাৱে এই প্ৰতিবেদন আপোনাৰ বাবে ৷

চুলি সৰা সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি জানি লওক-
বায়টিন মিক্সৰ ৰেচিপি বহু দিশত চুলিৰ বাবে উপকাৰী ৷ এই বীজত চুলিৰ বাবে প্ৰয়োজনীয় অন্যান্য পুষ্টিকৰ উপাদানৰ লগতে ভিটামিন ই, ভিটামিন এ, ৰাইবোফ্লেভিন,বায়টিন,থাইয়ামিন,ৰাইবোফ্লেভিন আৰু নিয়াচিন আদিও থাকে যিয়ে চুলি সৰা সমস্যা আৰু ফঁটাৰ সমস্যা কমাই চুলিক শক্তিশালী কৰে আৰু চুলি দীঘল কৰাটো ই অতিকৈ উপকাৰী বুলি প্ৰমাণিত হৈছে ৷ যদি আপোনাৰ চুলি দুৰ্বল বা চিগাৰ সমস্যা অধিক তেন্তে এই ৰেচিপিটোক আপোনাৰ খাদ্যৰ অংশ কৰি লওক ৷

Biotin Mix কেনেকৈ তৈয়াৰ কৰিব লাগে ?

বায়’টিন মিক্সৰ ৰেচিপি বনাবলৈ প্ৰথমে একাপ শুকানকৈ ভজা তিল লওক ৷
এতিয়া আধা কাপ শুকানকৈ ভজা ফ্লেক্সচিড এফালে ৰাখিব লওক ৷
ইয়াৰ পিচত আধা চামুচ চফ শুকানকৈ ভজা ৷
এতিয়া আধা কাপ শুকানকৈ ভজা ৰঙালাওৰ গুটি আৰু ৪ চামুচ ব্ৰাউন বা পিহি লোৱা নাৰিকল লৈ লওক ৷
ইয়াৰ পিচত বাদামৰ গুড়ি বনাই আৰু আধা চামুচ গুড়ি লওক ৷
এতিয়া সকলো গুটি একেলগে মিহলাই লওক ৷ এতিয়া আপোনাৰ বায়টিন মিক্সৰ ৰেচিপি সাজু হৈছে ৷
বায়টিন মিক্সৰ ৰেচিপি চুলিৰ বাবে অতিকৈ উপকাৰী

বায়টিন মিক্সৰ ৰেচিপি কেতিয়া আৰু কিদৰে খাব লাগে ?
বিশেষজ্ঞসকলৰ মতে, যদি আপুনি চুলি সৰা সমস্যাত ভুগি আছে, তেন্তে আপুনি এই বায়টিন মিক্স ৰেচিপিটো ৬০ দিনলৈকে খাব পাৰে ৷ ইয়াৰ বাবে আপুনি ইয়াৰ এচামুচলৈকে দৈনিক খাব পাৰে ৷