Local, Vocal, Global

Jonbeel Mela 2025 :আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ জোনবিল মেলা

জাগীৰোড,১৬জানুৱাৰী : আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হ’ল জাগীৰোডৰ ইতিহাস প্ৰসিদ্ধ তথা পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ মেলা গোভা দেওৰজাৰ জোনবিল মেলা ৷

পুৱাই গোভা দেওৰজা চাৰিভাই দেওশাল শিৱ মন্দিৰত মাঙ্গলিক পূজা-অৰ্চনাৰ পিছতে শুভাৰম্ভ হয় মেলাৰ ৷ ৰজাৰ বা-বিষয়াই পূজা-অৰ্চনা কৰে দেওশাল শিৱ মন্দিৰত(Jonbeel Mela 2025)৷

ঐতিহাসিক জোনবিল মেলাৰ পতাকা উত্তোলন কৰে গোভা ৰজা দীপসিং দেওঁৰজাই। ঐতিহাসিক গোভা ৰজা পৰম্পৰাগত জোনবিল মেলাৰ আজি প্ৰথমদিনাৰ দ্বিতীয় কাৰ্যসূচী পতাকা উত্তোলন।

পতাকা উত্তোলন কৰে গোভা ৰজা দিপচিং দেওৰজাই আৰু বন্তি প্ৰজ্বলন কৰে জোনবিল মেলা সমিতিৰ সভাপতি সোনেশ্বৰ দলৈ । ইয়াৰ পিছতেই পাঞ্জাব আৰু উৰিষ্যাৰ পৰা আমন্ত্ৰিত কৰি অনা শিল্পী সকলে লোকনৃত্য পৰিৱেশন কৰে । মঞ্চত জোনবিল স্মৃতিগ্ৰন্থ উন্মোচন কৰে কাৰ্বি-আংলং স্বায়ত্ব পৰিষদৰ কাৰ্য্যবাহী সদস্য ডি উফিং মাছলায়ে।

লগতে পঢ়ক :Sensational incident: লোমহৰ্ষক, বিভৎস, পাশৱিক;প্ৰেমিকাক অপকৰ্ম কৰি প্ৰাণ ল’লে প্ৰেমিকে