Procession in Hajo : আজি পহিলা মাঘ; তীৰ্থ নগৰী হাজোত সমন্বয়ৰ সমাহাৰেৰে মণিকূট উৎসৱ
নিউজ ডেস্ক,১৫জানুৱাৰী : মাঘ মাহৰ প্ৰথম দিনটোতে উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰে তীৰ্থ নগৰী হাজোত (Procession in Hajo)৷ ধৰ্মীয় সংকীৰ্ণতাৰ ঊৰ্ধত শান্তি-সম্প্ৰীতি আৰু সমন্বয়ৰ মহান আদৰ্শ মানৱ সমাজত বিলাই দিবলৈ তীৰ্থ নগৰী হাজোত আৰম্ভ হয় মহামিলনৰ পৰম্পৰাগত মণিকূট উৎসৱ ৷
এই উৎসৱৰ লগত সংগতি ৰাখি সমন্বয়ৰ শোভাযাত্ৰাও বাহিৰ কৰা হয় । হাজোৰ ঐতিহাসিক পোৱামক্কা দৰগাহ আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰত আৰম্ভ হয় এই মহামিলনৰ পৰম্পৰাগত মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা (Coordination procession in Hajo) ।
উল্লেখ্য যে, 1992 চনত বাবৰি মহজিদ আৰু ৰাম মন্দিৰক (Babri Masjid and Ram Temple) লৈ সমগ্ৰ দেশতে সংঘাতৰ সৃষ্টি হৈছিল ।
সেই সময়তে কিন্তু হাজোত তাৰ বিপৰীত ছবিহে দেখা পোৱা গৈছিল । তেতিয়াৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হিন্দু-মুছলমানৰ সেই অপূৰ্ব মিলনৰ স্মৃতিক চিৰযুগমীয়া কৰি ৰখাৰ প্ৰয়াস হিচাপে প্ৰত্যেক বছৰে হাজোত অনুষ্ঠিত হৈ আহিছে মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা ।
মণিকূট উৎসৱ উপলক্ষে প্ৰতি বছৰে পহিলা মাঘত ছাত্ৰ সন্থাই আয়োজন কৰি অহা ‘‘সমন্বয় শোভাযাত্ৰা’’ এইবেলিও হাজোৰ পোৱামক্কা দাৰগাহৰ নামনিৰ পৰা আৰম্ভ কৰি মাধৱ মন্দিৰ প্ৰাংগণত সামৰণি মৰা হয় । হিল-দল ভাঙি অহা হাজোবাসী ৰাইজৰ স্বতঃস্ফূৰ্ত সহযোগত হাজোত আছুৰ উদ্যোগত দিনৰ প্ৰায় ১১ বজাত উলিওৱা হয় এই বৰ্ণিল শোভাযাত্ৰা ৷
এই শোভাযাত্ৰাত উপস্থিত থাকে কণ্ঠশিল্পী দীক্ষু, আছু সভাপতি উৎপল শৰ্মা,উপস্থিত চাৰ্জুন হান্সে, কণ্ঠশিল্পী খগেন গগৈ, বিদিশা গগৈ,সমন্বয় যাত্ৰাত অংশগ্ৰহণ কৰে ভূটানৰ ৫ জনপ্ৰতিনিধিয়ে ।
বৰ্ণিল শোভাযাত্ৰাত অংশগ্ৰহণ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ কেবাটাও বাৰেৰহনীয়া সাংস্কৃতিক গোষ্ঠীৰ উপৰিও হাজো অঞ্চলৰ ভালেমান সাংস্কৃতিক গোষ্ঠীয়ে মূলপথৰ দুয়োকাষে দুশাৰী হৈ জিকিৰ-জাৰী পৰিৱেশন কৰে ৷ লগতে গায়নে-বায়নে খোল-তাল লৈ আয়তীসকলে নাম-কীৰ্তন কৰি, বিহুৱা দলে নাচি-বাগি আনন্দ উল্লাখ কৰে ৷
ইয়াৰ উপৰিও চাহ জনগোষ্ঠীয় ঝুমুৰ নৃত্য, বড়ো জনগোষ্ঠীয় বাগুৰুমবা-খেৰাই নৃত্য, একাংশ যুৱতীয়ে পাত-মুগাৰ সাজ পৰিধান কৰি পিতলৰ কলহ লৈ যোৱা মনোৰম দৃশ্যই পথৰ দুয়ো কাষে অধীৰ আগ্ৰহেৰে ৰৈ থকা সদৌটি ৰাইজৰ মন মোহিত কৰে ।
লগতে পঢ়ক :Sensational incident: কাহিলিপাৰাত নৃশংস হত্যাকাণ্ড; ৪ বন্ধুৰ আক্ৰমণত মৃত্য়ু আকাশ চৌধুৰীৰ