Union Minister JP Nadda arrived at Guwahati :দুদিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে নিশা গুৱাহাটীত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

নিউজ ডেস্ক,৮জানুৱাৰী : দুদিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে নিশা গুৱাহাটীত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা(Union Minister JP Nadda arrived at Guwahati)।
মঙলবাৰে নিশা ১১.৩৫ বজাত বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। বিমান বন্দৰত সহস্ৰাধিক বিজেপি নেতা- কৰ্মীয়ে উষ্ম আদৰণি জনায় কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীক ।
মঙলাবৰে নিশা কইনাধৰাস্থিত চৰকাৰী আবাসত কটাই মন্ত্ৰীগৰাকীয়ে(Union Minister and BJP national president JP Nadda arrived at Guwahati airport)।
বুধবাৰে পুৱা তেজপুৰ অভিমুখে ৰাওনা হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত অনুষ্ঠিতব্য এক কাৰ্যসূচীত নাড্ডাই অংশগ্ৰহণ কৰিব। তাৰ পাছতে তেওঁ যাব মঙলদৈলৈ। মঙলদৈত এক কাৰ্যসূচীত অংশ লৈ ৰাওনা হ’ব আই আই টি গুৱাহাটীলৈ। আই আই টি পৰিদৰ্শন কৰাৰ পাছতে চাংসাৰিলৈ গৈ এইমছ পৰিদৰ্শন কৰিব জে পি নাড্ডাই। তাৰ পাছতে সন্ধিয়া জে পি নাড্ডা উভতি যাব নতুন দিল্লীলৈ।