Drinking Water Issue : ধোঁৱাচাঙত চৰকাৰৰ হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি

জাগীৰোড,৭জানুৱাৰী : এটুপি খোৱা পানীৰ বাবে হাহাকাৰ ৰাইজ। প্ৰতি মাহে ১০০ টকাকৈ দিও বঞ্চিত খোৱা পানীৰ পৰা।
যিটো সময়ত সমগ্ৰ দেশজুৰ হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি’ শ্লোগানৰে প্ৰতি ঘৰ মানুহক বিনামুলীয়াকৈ খোৱা পানী চৰকাৰে যোগান ধৰি আহিছে সেই সময়ত এটুপি খোৱা পানীৰ পৰা বঞ্চিত জাগীৰোডৰ সাধাৰণ লোক ৷
বিগত চাৰি দিন ধৰি বন্ধ হৈ আছে জাগীৰোড পলাচুং পানী যোগান আঁচনি ৷ চলি আছে জলমিত্ৰ সকলৰ অনিৰ্দিষ্টকাললৈ ধৰ্মঘট ৷ কিন্তু জাগীৰোড পলাচুং পানীযোগান আঁচনিৰ অন্তৰ্গত গ্ৰাহক সকলে প্ৰতিমাহে ১০০ টকাকৈ আদায় দি আহিছে(Drinking Water Issue) ৷
উক্ত ধনেৰে প্ৰতিমাহে জলমিত্ৰ সকলক দৰমহা দি থকা স্বত্বেও কি কাৰণত গ্ৰাহক সকলক যোগান ধৰা নাই পানী ? ইয়াকে লৈ উখাপন হৈছে প্ৰশ্নৰ ৷
আনহাতে যদি জলমিত্ৰ সকলে চৰকাৰৰ দৰমহা লৈ আছে তেনেহলে এখন কমিটিৰ নামত প্ৰতিমাহে ১০০ টকাকৈ গ্ৰাহকৰ পৰা লোৱাৰ কোনো যুক্তি থাকিব নোৱাৰে বুলি স্থানীয় লোক সকলে মত প্ৰকাশ কৰে ৷ লগতে কাইলৈৰ ভিতৰত যদি জাগীৰোড পলাচুং পানী যোগান আঁচনিয়ে গ্ৰাহকক পানী যোগান নধৰে তেনেহলে স্থানীয় লোক সকলে উচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি ব্যক্ত কৰাৰ লগতে বিষয়টো স্থানীয় বিধায়কক গুৰুত্ব সহকাৰে লবলৈ দাবী উখাপন কৰে ৷
লগতে পঢ়ক :Sonari News: ৯ জানুৱাৰীৰ পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম প্ৰাংগনত অনুষ্ঠিত হ’ব চৰাইদেউ মহোৎসৱ