Drugs peddler arrested along with drugs:দক্ষিণ শালমাৰাত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ আটক দুই সৰবৰাহকাৰী
হাটশিঙিমাৰী,৬জানুৱাৰী : দক্ষিণ শালমাৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ আটক দুই ড্ৰাগছ সৰবৰাহকাৰী।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত দক্ষিণ শালমাৰা আৰক্ষীৰ সহযোগত এক গোপন সূত্ৰৰ ভিত্তিত দক্ষিণ শালমাৰাৰ দ্বিতীয় খণ্ড গাঁৱত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলায় । উক্ত অভিযানত আৰক্ষীয়ে দুগৰাকী ড্ৰাগছ মাফিয়াক আটক কৰাৰ লগতে বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে ।আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা ১৪৪৭ টা নাইট্ৰাজেপাম নিচাজাতীয় টেবলেট ১২৪৮ টা ট্ৰেমাডল কেপচুল ১৩ গ্ৰাম হেৰ’ইন সহ এটা স্মাৰ্ট মোবাইল ফোন জব্দ কৰে। আটকাধীন অভিযুক্ত দুগৰাকী ক্ৰমে দক্ষিণ শালমাৰা থানা এলেকাৰ দক্ষিণ শালমাৰা দ্বিতীয় খণ্ড গাঁৱৰ তুজামিল হক আৰু আছিফ আলী বুলি জানিব পৰা গৈছে(Drugs peddler arrested along with drugs)।
সম্প্ৰতি আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহ কাৰী দুগৰাকীক দক্ষিণ শালমাৰা থানালৈ নি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।