Local, Vocal, Global

Son Brutally Killed Mother : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ !

ধেমাজী,২জানুৱাৰী : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ(Son Brutally Killed Mother)। পাষান পুত্ৰই হত্য়া কৰিলে মাতৃক । হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা ।

ৰাজ্যত দিনক দিনক দিনে বৃদ্ধি পাইছে হত্যাকাণ্ডৰ ঘটনাই ।

এইবাৰ পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ । এক চাঞ্চল্যকৰ ঘটনাই কঁপাই গ’ল ন গাঁও চাওঁতাল। নিজ জন্মদাত্ৰী মাতৃক প্ৰহাৰ কৰিবলৈও হাত নকপিল এজন পুত্ৰৰ( Son Brutally Killed Mother in Bokakhat)।

নৱবৰ্ষ দ্বিতীয় দিনা খনত ৰাজ্য জোঁকাৰি চাঞ্চল্যকৰ হত্যাকাণ্ড । বৰদলনি ন গাঁও চাওঁতাল গাঁওত সংঘটিত হয় ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাটো ।

পাষাণ পুত্ৰই মাতৃক হত্যা কৰাৰ অভিযোগ। ধান মৰা উখুনে মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ পুত্ৰৰ বিৰুদ্ধে(Son Brutally Killed Mother)।

নিশা মদ খাই মাতৃৰ লগত কাজিয়া কৰিছিল পুত্ৰই । পুৱতি নিশা প্ৰায় চাৰি মান বজাত পুনৰ কাজিয়া কৰি ধান মৰা উখুনে মৰিয়াই মৰিয়াই হত্যা কৰে মাতৃক ।

এই ভয়ংকৰ ঘটনা পোহৰলৈ অহাৰ পিছত গোগামুখ থানাৰ আৰক্ষী থানা ঘটনাস্থলীত বৰদলনি আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ ৩৫ বছৰীয়া জেথা তুদুক আটক কৰে।

ইফালে ৫৮ বছৰীয়া মাতৃ ইমিলা টুদুক মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ নিয়া হয় বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক:Sensational incident:নগাঁৱৰ ম’হখুলি মেডিকেল কলেজৰ সমীপত এম্বুলেন্স চালকৰ দলবদ্ধ আক্ৰমণ