Tragic road accident in Sarthebari:পুখুৰীত গা ধুবলৈ যাওঁতে তীব্ৰ বেগী মটৰ চাইকেলে খুন্দাত নিহত মহিলা
সৰ্থেবাৰী,৩১ডিচেম্বৰ : সৰ্থেবাৰীৰ এৰা গাঁৱত ভয়ংকৰ দুৰ্ঘটনা।কয়াকুছি – নেউলাৰভিঠা সংযোগী পথৰ এৰা গাঁৱত সংঘটিত হয় দুৰ্ঘটনাটো।দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা,আহত আন এজন।তীব্ৰ বেগী মটৰচাইকেলৰ খুন্দাত মৃত্যু হয় লক্ষী মণ্ডল নামৰ মহিলা গৰাকীৰ।ইফালেআহত মটৰ চাইকেলৰ চালক জনক ভক্তৰডবা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়(Tragic road accident in Sarthebari)।
তীব্ৰ বেগী AS 19 L 08 31 নম্বৰ মটৰচাইকেল বাহনে খুন্দিয়াই মহিলাগৰাকীক
জানিব পৰা মতে, পুখুৰীত গা ধুবলৈ যাওঁতে তীব্ৰ বেগী মটৰ চাইকেলে খুন্দা মাৰে।
ঘটনাস্থলীত সৰ্থেবাৰী আৰক্ষী উপস্থিত হয় ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।
লগতে পঢ়ক :Road Accident in lumding :নিয়ন্ত্ৰণ হেৰুৱাই নদীত বাগৰি পৰিল থাৰ বাহন;আহত ৫জন