Deer Rescued of Jamugurihat: জামুগুৰিহাটৰ মৰণাকুৰি ঘাঁহিগাৱত পহু উদ্ধাৰ

জামুগুৰিহাট,৩১ডিচেম্বৰ : জামুগুৰিহাটৰ মৰণাকুৰি ঘাঁহিগাঁৱত পহু উদ্ধাৰ। পহুটোক কুকুৰে খেদি থকা অৱস্থাত দেখি গাঁৱখনৰে বন্যপ্ৰাণী প্ৰেমী যুৱক বিভূতি হাজৰিকাই স্থানীয় ৰাইজৰ সহযোগত কুকুৰপৰা ৰক্ষা কৰি আঘাট প্ৰাপ্ত পহুটিক কৌশলেৰে উদ্ধাৰ কৰে(Deer Rescued of Jamugurihat)।
লগে লগে ঘটনা সন্দৰ্ভত বন বিভাগক খবৰ দিয়ে৷ ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ পিছত ডিপলোঙা বনাঞ্চলিক বিষয়া সহ বনকৰ্মীৰ দল গাঁওখনত উপস্থিত হৈ পহু টি চমজি লৈ যায়৷
বনবিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে আঘাটপ্ৰাপ্ত পহুটোক প্ৰাথমিক চিকিৎসা কৰি কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাত এৰি দিয়াৰ ব্যৱস্থা কৰিব৷ প্ৰকৃতিপ্ৰেমী যুৱক বিভুতি হাজৰিকা আৰু ৰাইজৰ বন্যপ্ৰাণী প্ৰেমক সকলোশ্ৰেনীৰ প্ৰকৃতিপ্ৰেমী ৰাইজে ভূয়সী প্ৰশংসা কৰিছে ৷
লগতে পঢ়ক :Abhayapuri News :নৱবৰ্ষৰ প্ৰাকক্ষণত এখন গাঁৱত কাৰ্টনে কাৰ্টনে উদ্ধাৰ হৈছে বিলাতী সুৰা