Local, Vocal, Global

Happy New Year 2025 :আজি বছৰৰ শেষৰটো দিন;পুৰণি বছৰটোক বিদায় দি নতুন এটা বছৰক আদৰিবলৈ সাজু ৰাজ্যবাসী

নিউজ ডেস্ক,৩১ডিচেম্বৰ : আজি বছৰৰ শেষৰটো দিন।পুৰণি বছৰটোক বিদায় দি নতুন এটা বছৰক আদৰিবলৈ সাজু ৰাজ্যবাসী(Happy New Year 2025)।

বছৰটো বিদায়ৰ প্ৰাকক্ষণত আনন্দ, ফূৰ্তিৰে এসাজ খাবলৈ প্ৰস্তুতি চলাইছে ৰাজ্যবাসীয়ে। সেয়ে পুৱাই ৰাজ্যৰ বজাৰসমূহত দেখা গৈছে ব্যাপক ভিৰ। লগে ভাগে এসাঁজ খাবলৈ বজাৰলৈ ঢাপলি মেলিছে সকলোৱে। পছন্দৰ মাছ বা মাংস ক্ৰয় কৰি নিশালৈ উদৰ পুৰাই এসাঁজ খোৱাৰ প্ৰস্তুতিত ব্যস্ত জনতা। উজান বজাৰৰ মাছৰ বজাৰত দেখা গৈছে গ্ৰাহকৰ ব্যাপক ভিৰ। পছন্দৰ মাছ কিনিবলৈ পুৱাই বজাৰত ভিৰ গ্ৰাহকৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা মাছ আহে উজান বজাৰৰ এই বিখ্যাত মাছ বজাৰলৈ। ভিন্ন প্ৰজাতিৰ সৰু–বৰ মাছেৰে উভৈনদী উজান বজাৰৰ মাছঘাট। প্ৰচণ্ড শীতৰ মাজতে পুৱাই মাছ কিনিবলৈ ওলাই আহিছে ৰাইজ। ৰৌ, বৰালী, চিতল, বাহু, ভকুৱা আদি বিভিন্ন প্ৰজাতিৰ মাছেৰে ভৰি পৰিছে উজান বজাৰৰ মাছ বজাৰ।ৰাজ্যৰ আন প্ৰান্ততো একেই পৰিৱেশ। নতুন বছৰৰ অন্তিম দিনটোত আত্মীয়–পৰিয়াল বা বন্ধু–বান্ধৱৰ সৈতে এসাজ খাবলৈ মাছ–মাংস কিনিবলৈ বজাৰত ভিৰ কৰা দেখা গৈছে জনসাধাৰণে।

ইফালে, আজি বছৰৰ অন্তিম দিনটোত বনভোজ থলীসমূহতো দেখা গৈছে ব্যাপক ভিৰ। আনন্দ–ফূৰ্তিৰ মাজেৰে পুৰণি বছৰটোক বিদায় জনোৱাৰ উদ্দেশ্যে ৰাজ্যৰ বনভোজ থলীসমূহলৈ ঢাপলি মেলিছে বনভোজকাৰী দলসমূহ। এক কথাত ক’বলৈ গ’লে এতিয়া চৌদিশে পুৰণিক বিদায় দি নতুন আদৰাৰ ব্যাপক প্ৰস্তুতি। পোৱা–নোপোৱাৰ হিচাপৰ মাজেৰে আৰু কেইটামান ঘণ্টাৰ পিছতে বিদায় ল’ব ২০২৪ বৰ্ষই।

২০২৪ বৰ্ষক বিদায় দি সকলোৱে আদৰি ল’ব ২০২৫ বৰ্ষক।

লগতে পঢ়ক :PMAY scam in Sipajhar : ছিপাঝাৰ উন্নয়ন খণ্ডত PMAY গৃহৰ নামত কি চলিছে ?