Local, Vocal, Global

Chutia Body Stages Sit-in Demand for ST Status: ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে চুতীয়া জাতি যুৱ সন্মিলনৰ অৱস্থান ধৰ্মঘট

মৰাণ,৩০ডিচেম্বৰ : চুতীয়া জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্রদান কৰাৰ দাবীৰে আজি মৰাণত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চুতীয়া জাতি যুৱ সন্মিলনে । অৱস্থান ধৰ্মঘটেৰে মৰাণৰ মাজমজিয়াত লোৱা এই প্ৰতিবাদী কাৰ্যসূচীত মহিলাকে ধৰি চুতীয়া জাতি যুৱ সন্মিলনৰ অৰ্ধশতাধিক লোকে অংশগ্ৰহণ কৰে (Chutia Body Stages Sit-in Demand for ST Status)।

উল্লেখযোগ্য যে, প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ আশ্বাস দিয়ে যদিও পিছ মুহূৰ্তত ই এক ফুটুকাৰ ফেনত পৰিণত হয় । যাৰ বাবে চৰকাৰৰ কোনো আশ্বাসক বিশ্বাসত লোৱা নাই চুতীয়া জাতি যুৱ সম্মিলনে ।

২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নিদিলে বিজেপি দলক বৰ্জনৰ হুংকাৰ দিছে চুতীয়া জাতি যুৱ সম্মিলনৰ নেতৃত্বই । ইফালে জনজাতিকৰণৰ দাবীত অহা ৮ জানুৱাৰিৰ পৰা চুতীয়া জাতি যুৱ সম্মিলনে আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰিব ।

লগতে পঢ়ক :Kaliabor Protest:কলিয়াবৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত একাংশ বৃদ্ধ মহিলাৰ প্ৰতিবাদ