Kaliabor Protest:কলিয়াবৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত একাংশ বৃদ্ধ মহিলাৰ প্ৰতিবাদ

কলিয়াবৰ,৩০ডিচেম্বৰ : কলিয়াবৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত একাংশ বৃদ্ধা মহিলাৰ প্ৰতিবাদ ।
বিগত ছয় বছৰ ধৰি বানপানীৰ চৰকাৰী ক্ষতিপূৰণ নোপোৱাক লৈ দুলাল-মাধৱ জখলাবন্ধাৰ কলংকাষৰীয়া একাংশ মহিলাৰ প্ৰতিবাদ।
প্ৰতিবাদত আগন্তুক নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ(Kaliabor Protest)।
উল্লেখ্য যে, ২০১৭চনত হাতীমূৰা মাঠাউৰি ভাঙি কলিয়াবৰৰ বহু অঞ্চল ব্ৰহ্মপুত্ৰৰ বাহনী পানীয়ে প্লাৱিত কৰাৰ লগতে বহু লোকৰ পশুধনৰ যথেষ্ঠ ক্ষতি সাধন কৰিছিল।
বহুলোকে ক্ষতি পূৰণ চৰকাৰী ভাৱে পাইছিল যদিও একাংশলোকে চৰকাৰী বিষয়াৰ ভূলৰ বাবে কোনোধৰণৰ ক্ষতিপূৰণ নোপোৱাত আজি কলিয়াবৰ ৰাজহ চক্ৰবিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।
লগতে পঢ়ক :Jamugurihat News:জামুগুৰিহাটৰ তৌভঙা বজাৰত নকল টকা উদ্ধাৰ