Jamugurihat News:জামুগুৰিহাটৰ তৌভঙা বজাৰত নকল টকা উদ্ধাৰ

জামুগুৰিহাট,৩০ডিচেম্বৰ : জামুগুৰিহাটৰ তৌভঙাৰ সাপ্তাহিক বজাৰত নকল টকা উদ্ধাৰ(Jamugurihat News)।
এখন কাপোৰৰ দোকানত কাপোৰ কিনি টকা লেনদেন কৰা সময়ত দোকানী জনৰ সন্দেহ উপজাত দুগৰাকী মহিলাক সোধা পোছা কৰাত উৰহিৰ ওৰ ওলাই পৰে ।
দুখনকৈ দোকানত প্ৰায় ২৭০০ শ টকাৰ এশ টকীয়া নোটৰে কাপোৰ কিনিছিল দুগৰাকী মহিলাই ৷ ইতিমধ্যে টৌভঙা বজাৰত জামুগুৰি আৰক্ষী উপস্থিত হৈ মহিলা দুগৰাকীক আটক কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰখা বিষয়ে জানিব পৰা গৈছে ৷
লগতে পঢ়ক :Dead Body Found in Jamugurihat: শোৱাপাটীত উদ্ধাৰ মহিলা কেয়াৰ টেকাৰৰ মৃতদেহ