Bilasipara News: বিলাসীপাৰাত অমৃত সৰোবৰ আঁচনিৰ ৰূপানত ব্যাপক অনিয়মৰ অভিযোগ

বিলাসীপাৰা,৩০ডিচেম্বৰ : বিলাসীপাৰাত অমৃত সৰোবৰ আঁচনিৰ ৰূপানত ব্যাপক অনিয়মৰ অভিযোগ। ঠিকাদাৰ বাহিনীয়ে পূৰ্বৰ পানী থকা বিলত নাম মাত্ৰ পাৰ বান্ধি লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ।
ঠিকাদাৰ আনোৱাৰ হুছেইন আৰু বিভাগীয় কৰ্তৃপক্ষই বিৰুদ্ধে উঠিছে অভিযোগ।উচিত তদন্ত দাবী উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজ আৰু দল সংগঠনে।
অমৃত সৰোবৰ আঁচনি বিলাসীপাৰা খণ্ড উন্নয়ন বিষয়াৰ অধীনস্থ কুৰ্শাকাটি আৰু বাণ্ডানীকুটি গাঁৱত বাণ্ডানীকুটি বিল নামৰ বিলৰ ওপৰত দুখন অমৃত সৰোবৰ আঁচনিৰ ৰূপানৰ নামত সংঘটিত হৈছে ভয়ংকৰ অনিয়ম(Bilasipara News)।
অমৃত সৰোবৰ আঁচনিৰ দুখন প্ৰায় ৪৫ লাখ টকাৰে নিৰ্মাণৰ ঠিকা লাভ কৰিছিল ঠিকাদাৰ আনোৱাৰ হুছেইনে।ঠিকাদাৰ আনোৱাৰ হুছেইনে পূৰ্বৰ পানী থকা বাণ্ডানীকুটি বিলত মাটি নাখান্দি চাৰিওফালে চাৰিটাকৈ পাৰ বান্ধি লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
আঁচনি দুখনৰ প্ৰাককলন অবিহনে বিলাসীপাৰা উন্নয়ন খণ্ডৰ একাংশ চৰকাৰী বিষয়াক মেনেজ কৰি নিজৰ খেয়াল খুশি মতে নাম মাত্ৰ কাম কৰি সমুদায় টকা আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজ আৰু দল সংগঠনে।
অতি শীঘ্ৰে বিলাসীপাৰা উন্নয়ন খণ্ডৰ অধীনস্থ বিভিন্ন প্ৰান্তত অমৃত সৰোবৰ আঁচনিৰ কামসমূহত ঠিকাদাৰ বাহিনীৰ বিৰুদ্ধে বিভাগীয় উচ্চ পদস্থ পৰ্যায়ৰ উচিত তদন্তৰ দাবী জনায় স্থানীয় সচেতন ৰাইজ আৰু দ’ল সংগঠনে।
লগতে পঢ়ক :Mysterious Death of Assam Youth :অৱশেষত স্ব-গৃহলৈ অনা হ’ল প্ৰাণজিৎ কলিতাৰ মৃতদেহ