Local, Vocal, Global

Guwahati News : পুনৰ গুৱাহাটী মহানগৰীত মৌচুমী কাণ্ডৰ অনুৰূপ ঘটনা

নিউজ ডেস্ক,৩০ডিচেম্বৰ : পুনৰ গুৱাহাটী মহানগৰীত মৌচুমী কাণ্ডৰ অনুৰূপ ঘটনা।পুনৰ মহিলাক হত্যাৰ চেষ্টা পৰকীয়া প্ৰেমিকৰ।

দেওবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনাটো ।দেওবাৰে সন্ধিয়া দিছপুৰ থানা চৌহদত এগৰাকী মহিলাক ছুৰিকাঘাতৰ চেষ্টা চলাই ৰাজেশ দেৱ নামৰ এজন লোকে।

ঘটনা অনুসৰি, ৩ বছৰ পূৰ্বে ৰাজেশৰ সৈতে চিনাকি হৈছিল মহিলাগৰাকীৰ। গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু ছমাহ পূৰ্বে মহিলাগৰাকীয়ে গম পাই যে ৰাজেশ বিবাহিত। দুগৰাকী পত্নী আছে ৰাজেশৰ। দুগৰাকী পত্নীৰ ফালৰ পৰা ৪টা সন্তান আছে ৰাজেশৰ। লগে লগে ৰাজেশৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ আঁতৰি আহে মহিলাগৰাকী। তাতেই খৰ্গগ্ৰস্ত হৈ পৰে ভণ্ড প্ৰেমিক ৰাজেশ দেৱ।ৰাজেশে মহিলাগৰাকীৰ ওপৰত আৰম্ভ কৰিলে মাৰপিট। ভয়-ভাবুকি দিবলৈ ধৰিলে(Guwahati News)।

ইফালে মহিলাগৰাকীয়ে জনোৱা অনুসৰি,ছমাহ পূৰ্বে মহিলাগৰাকীক ঘৰতে হত্যাৰ চেষ্টা চলাইছিল ৰাজেশে। সৌভাগ্যক্ৰমে ৰক্ষা পৰিছিল মহিলাগৰাকী। ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে পাণ্ডু থানাত দাখিল কৰিছিল এজাহাৰ। কাৰণ পাণ্ডুত ভাড়াত থাকে ৰাজেশ। নিশাই থানালৈ আৰক্ষীয়ে লৈ আনিছিল ৰাজেশক। পুনৰ এনে কাণ্ড নকৰো বুলি কোৱাত আৰক্ষীয়ে যাবলৈ দিছিল ৰাজেশক।

কিন্তু পুনৰ ছমাহৰ পিছত অৰ্থাৎ দেওবাৰে মহিলাগৰাকীক ছুৰী মাৰি হত্যাৰ চেষ্টা ৰাজেশৰ। পৰকীয়া প্ৰেমিক ৰাজেশ দেৱৰ বিৰুদ্ধে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ।

লগতে পঢ়ক :Asam Sahitya Sabha : অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত ড° বসন্ত কুমাৰ গোস্বামী