Local, Vocal, Global

Asam Sahitya Sabha : অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত দেৱজিৎ বৰা

নিউজ ডেস্ক,৩০ডিচেম্বৰ : অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত দেৱজিৎ বৰা। ৪০২টা ভোট লাভেৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ পদত জয়ী হয় দেৱজিৎ বৰা(Asam Sahitya Sabha)।

অজিত প্ৰসাদ শৰ্মা, সঞ্জীৱ শৰ্মাক পৰাজিত কৰে দেৱজিৎ বৰাই।প্রধান সম্পাদক পদৰ আন দুগৰাকী প্ৰাৰ্থী অজিত প্ৰসাদ শৰ্মাই লাভ কৰে ২৪০টা ভোট আৰু সঞ্জীৱ কুমাৰ শৰ্মাই লাভ কৰে ৯৯টা ভোট।

শনিবাৰৰ পৰা কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু দদৰা আঞ্চলিক শাখা সাহিত্য সভাৰ আতিথ্যত অসম সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা ভৃগু কুমাৰ ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে।

লগতে পঢ়ক :Tiger terror in Kaliabor:বাঘৰ আতংকৰ বাবে প্ৰভাৱ পৰিছে কলিয়াবৰৰ বনভোজস্থলীত।

লগতে পঢ়ক :Tiger terror in Kaliabor:বাঘৰ আতংকৰ বাবে প্ৰভাৱ পৰিছে কলিয়াবৰৰ বনভোজস্থলীত