Drugs peddler arrested along with drugs: ড্ৰাগছৰ বিৰুদ্ধে প্ৰতাপ দাসৰ নিৰৱচ্ছিন্ন অভিযান
হাটশিঙিমাৰী,৩০ডিতেম্বৰ : ড্ৰাগছৰ বিৰুদ্ধে প্ৰতাপ দাসৰ নিৰবিচ্ছিন্ন অভিযান।
দক্ষিণ শালমাৰা মানকাচৰ জিলাত যোগদান কৰিয়েই ড্ৰাগছৰ বিৰুদ্ধে নিৰবিচ্ছিন্ন অভিযান চলাই গৈছে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসে(Drugs peddler arrested along with drugs)।
ড্ৰাগছ মুক্ত দক্ষিণ শালমাৰা মানকাচৰ জিলা গঢ়িবলৈ দিনে নিশাই অভিযান চলাই গৈছে অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে।
নিশা দক্ষিণ শালমাৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰো ছোদামাৰীত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় কেপচুল জব্দ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে ৫৬ টা ইয়াবা টেবলেটৰ লগতে ১৬৮০ টা নিচাজাতীয় কেপচুল জব্দ কৰে। লগতে এজন সৰবৰাহকাৰী আটক কৰে। আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীটো জিয়াৰুল ইছলাম (২৭) বুলি জানিব পৰা গৈছে।
অধিক তথ্যৰ বাবে আৰক্ষীয়ে দক্ষিণ শালমাৰা থানাত সোধপোচ অব্যাহত ৰাখিছে।
লগতে পঢ়ক:Drugs peddler arrested along with drugs:মানকাচৰত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ; আটক সৰবৰাহকাৰী