Local, Vocal, Global

Elephant menace in Kaliabor:কলিয়াবৰ বিভিন্ন অঞ্চলত গজৰাজৰ উপদ্ৰৱ

কলিয়াবৰ,৩০ডিচেম্বৰ : পুৱতি নিশা কলিয়াবৰ বিভিন্ন অঞ্চলত গজৰাজৰ উপদ্ৰৱ।

নিশা শ্ৰৱণীসত্ৰৰ এটা ধান বনোৱা মিলৰ ক্ষতি সাধন কৰাৰ লগতে পাগবন্ধা গাৱঁৰ হৰেন বৰুৱা বাসগৃহৰ এখন পকী দেৱাল বনৰীয়া হাতীটোৱে ভাঙি লণ্ড ভণ্ড কৰে(Elephant menace in Kaliabor)।

ইফালে বাসুদেৱবাৰী দীলিপ বৰা নামৰ লোকজনৰ ভড়া‍ল ঘৰ ভঙাৰ লগতে জখলাবন্ধাত এখন ঘৰৰ বাইকৰ লগতে ঘৰৰ সা সামগ্ৰীৰ যথেষ্ঠ ক্ষতিসাধন কৰে।

এই সকলোবোৰ দেখিও শিলঘাট বনবিভাগৰ নীৰৱ ভূমিকাৰ পালনক কৈ প্ৰশ্ন উত্থাপন কৰে স্থানীয় লোকে।

লগতে পঢ়ক :Delhi Police crackdown on illegal migrants:দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৮ বাংলাদেশী নাগৰিকক