Daily Horoscope for 30th December: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজি আপুনি ভাগৰুৱা, এলেহুৱা আৰু অস্থিৰ অনুভৱ কৰিব । সৰু-সুৰা কথাত খং উঠিব পাৰে । ঘৰতেই হওক বা কৰ্মক্ষেত্ৰতেই হওক, কাকো আঘাত দি কথা নক’ব । আপুনি আজি ধৰ্মীয় ৰীতি-নীতিত অংশগ্ৰহণ কৰিব পাৰে ।
বৃষ ৰাশি : আজিৰ দিনটো আপোনাৰ স্বাস্থ্যৰ বাবে বৰ ভাল নহয় । আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ থাকিব পাৰে । ভোজনক লৈ সতৰ্ক থাকক । অস্বাস্থ্যকৰ খাদ্য খালে অৱস্থা বেয়া হ’ব পাৰে । ভ্ৰমণ এৰাই চলক । ধ্যান কৰক ।
মিথুন ৰাশি : আজি গোটেই দিনটো আপুনি আনন্দ-ফূৰ্তিৰে কটাই দিব । বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে উলহ-মালহেৰে আজি আপুনি গোটেই দিনটো পাৰ কৰি দিব । আজি আপুনি সমাজত সন্মান আৰু স্বীকৃতি লাভ কৰিব পাৰে । দাম্পত্য জীৱন অধিক আনন্দদায়ক হৈ উঠিব ।
কৰ্কট ৰাশি : আজি আপোনাৰ গ্ৰহৰ অৱস্থান ইমানেই ভাল যে তাৰ বাবে দিনটো আনন্দদায়ক আৰু ঘটনাবহুল হৈ উঠিব । আজি আপুনি ব্যাপক সফলতা আৰু প্ৰচুৰ আনন্দ উপভোগ কৰিব পাৰে । পৰিয়ালৰ লোক আপোনাৰ প্ৰতি আকৃষ্ট হ’ব পাৰে । ঘৰৰ পৰিৱেশ আজি উজ্জ্বল আৰু উৎসৱমুখৰ হৈ থাকিব । কৰ্মক্ষেত্ৰত আজি আপোনাৰ দিনটো সুখকৰ আৰু লাভদায়ক ।
সিংহ ৰাশি : আজি আপোনাৰ শৰীৰ আৰু মন দুয়ো উত্তম অৱস্থাত থাকিব । আজি গোটেই দিনটো আপুনি আশাবাদী হৈ থাকিব । সন্তানৰ সুসংবাদ পাব । বন্ধুসকলৰ সৈতে সুখকৰ সন্ধিয়া কটাব পাৰে ।
কন্যা ৰাশি : আজি আপোনাৰ গ্ৰহ আপোনাৰ অনুকূলত নাই । আজি আপুনি দুঃশ্চিন্তা আৰু উদ্বেগত থাকিব । যাৰ ফলত আপোনাৰ শৰীৰ আৰু মনৰ ওপৰত বহুত হেঁচা পৰিব । আপুনি লক্ষ্য কৰিব যে আপোনাৰ পৰিয়ালৰ লোকে আপোনাৰ প্ৰতি অসন্তুষ্ট হৈ আছে আৰু তেওঁলোকে আপোনাৰ প্ৰতি অসহযোগী হৈ আছে ।
তুলা ৰাশি : আজি সৌভাগ্য আপোনাৰ প্ৰতি প্ৰসন্ন থাকিব । ভাই-ভনী আপোনাৰ প্ৰতি আন্তৰিক থাকিব আৰু আপোনাক সহায় কৰিব । নতুন প্ৰকল্প আৰু নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো শুভ । আজি গোটেই দিনটো আপুনি সক্ৰিয় আৰু প্ৰাণৱন্ত হৈ থাকিব । বিদেশৰ পৰা কোনো ভাল খবৰ আহিব পাৰে ।
বৃশ্চিক ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে এটা মধ্যমীয়া দিন আৰু আজি আপুনি অপ্ৰয়োজনীয় ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । শান্ত আৰু বিনম্ৰ হৈ থকাৰ চেষ্টা কৰক । এনেকুৱা কৰিব পাৰিলে সংসাৰত সুখ আৰু শান্তি বৰ্তি থাকিব ।ধৰ্মীয় কাৰণত আপোনাৰ কিছু খৰচ হ’ব পাৰে।
ধনু ৰাশি : স্বাস্থ্যৰ যতন লওঁক । পৰিকল্পিত কাম হাতত ল’লে সফল হ’ব । আৰ্থিক লাভৰ যোগ আছে । তীৰ্থযাত্ৰা হ’ব পাৰে । কোনো আত্মীয়ৰ ঘৰত কোনো শুভ অনুষ্ঠানত যোগ দিব পাৰে । আত্মীয়ৰ ঘৰত এক অনানুষ্ঠানিক মিলা-মিচাই আপোনাক আনন্দ দিব ।আপুনি সুখাদ্য ভোজন কৰিব পাৰে । সামাজিকভাৱে আপোনাৰ সুনাম বৃদ্ধি পাব ।
মকৰ ৰাশি :কৰ্মক্ষেত্ৰত আপুনি সক্ষম সহযোগিতা পাব পাৰে । আপোনাৰ আয়তকৈ ব্যয় অধিক হ’ব । আজি আপুনি ধৰ্মীয় আৰু সামাজিক কৰ্মত ব্যস্ত হৈ থাকিব, যাৰ ফলত আপোনাৰ ব্যয় বৃদ্ধি হ’ব পাৰে । স্বাস্থ্যক লৈ দুঃশ্চিন্তাত ভুগিব পাৰে । সন্তান বা আত্মীয়ৰ সৈতে কাজিয়া হ’ব পাৰে আপোনাৰ ।
কুম্ভ ৰাশি : নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো শুভ । কৰ্মক্ষেত্ৰত আপুনি লাভবান হ’ব পাৰে । ধনদেৱীৰ কৃপা লাভ কৰিব আজি । আপোনাৰ সামাজিক খ্যাতি আজি ইতিবাচকভাৱে বৃদ্ধি পাব । পত্নী আৰু পুত্ৰৰ পৰা সুসংবাদ পোৱাৰ সম্ভাৱনা আছে । সুখদায়ক ভ্ৰমণ হ’ব পাৰে ।
মীন ৰাশি : আজি আপোনাৰ দিনটো অত্যন্ত ফলদায়ক হ’ব । আজি আপুনি সফলতাৰে কাম সম্পন্ন কৰিব পাৰিব কাৰণে উল্লাসেৰে পূৰ্ণ হৈ থাকিব আৰু ঊৰ্ধ্বতনসকলৰ পৰা প্ৰশংসাও পাব । ব্যৱসায়ীসকলৰ কাৰণে দিনটো ভাল । আজি আপুনি ঋণ পাব পাৰে । পিতৃ আৰু বয়োজ্যেষ্ঠসকলৰ ফালৰ পৰা কিবা লাভ পাব পাৰে ।