Polling for General Elections of Kalapani co operative society :আজি মানকাচৰৰ কালাপানী সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ
হাটশিঙিমাৰী,২৯ডিচেম্বৰ : আজি মানকাচৰৰ কালাপানী সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ।মানকাচৰৰ কালাপানী সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচনক লৈ উখল মাখল পৰিবেশ ।
দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া ।সমবায় সমিতিৰ অংশীদাৰী সকলে ওলাই আহিছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ।
ভোটগ্ৰহণৰ পূৰ্বে সমবায় সমিতিৰ চৌহদত অংশীদাৰ ভোটাৰসকলক লৈ এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছে। দেওবাৰে পুৱা ৯ বজাৰ পৰা দুপৰীয়া প্ৰায় ১২-০০ বজালৈ সাধাৰণ সভাৰ জৰিয়তে হিচাপ- নিকাচ কৰাৰ অন্তত ভোটগ্ৰহণ পৰ্ব আৰম্ভ কৰা হৈছে।
৫ খন গাঁও পঞ্চায়ত সামৰি কালাপানী সমবায় সমিতিৰ ২০২৪-২৫ বৰ্ষৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে।এই নিৰ্বাচনত ১৩ টা পদৰ বাবে ২৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। সমবায়খনৰ মুঠ অংশীদাৰী ভোটাৰৰ সংখ্যা হৈছে ২,৯০৫ গৰাকী(Polling for General Elections of Kalapani co operative society)।
উল্লেখ কৰা প্ৰয়োজন যে সমবায় সমিতিখনত ১৫ খন আসনৰ বিপৰীতে ২৯ গৰাকী প্ৰাৰ্থীয়ে মনোয়ন পত্ৰ দাখিল কৰিছিল। ইয়াৰে ৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাত ২ গৰাকী মহিলা সংৰক্ষিত প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। আজি ১৩ টা পদৰ বাবে ২৪ গৰাকী প্ৰাৰ্থীৰ মাজত ভোটগ্ৰহণ চলি আছে। ২,৯০৫ গৰাকী প্ৰাৰ্থীয়ে এই ভোটদান কৰি প্ৰাৰ্থী কেইজনক নিৰ্বাচিত কৰিব।
লগতে পঢ়ক :Batadrava Stabbing:অৱশেষত আটক বটদ্ৰৱাৰ অপহৰণ কাণ্ডৰ লগত জড়িত এজনক