Local, Vocal, Global

Drugs peddler arrested along with drugs:হাটশিঙিমাৰীত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ; আটক সৰবৰাহকাৰী

হাটশিঙিমাৰী,২৯ডিচেম্বৰ : হাটশিঙিমাৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত ফেকামাৰী প্ৰথম খণ্ডত আৰক্ষীৰ অভিযান। অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ।

আৰক্ষীয়ে জব্দ কৰে ১১৫২ টা নিচাজাতীয় টেবলেট, ১৫ টা ইয়াবা টেবলেট, এটা স্মাৰ্ট ফোনৰ লগতে এজন সৰবৰাহকাৰী আটক কৰে আৰক্ষীয়ে।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গীতাৰ্থ চৌধুৰীৰ লগত গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বৃহৎ সফলতা লাভ কৰে(Drugs peddler arrested along with drugs)।

আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী জন ফেকামাৰী গাওঁৰ ইয়াদ আলীৰ ল’ৰা আমিৰ আলী বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :Shahi Jame masjid :শ্বাহী জামা মছজিদত চলিছে বুলড’জাৰ কোব!