Manmohan Singh Passes Away:পঞ্চভূতত বিলীন ড০ মনমোহন সিঙৰ নশ্বৰদেহ

নিউজ ডেস্ক,২৮ডিচেম্বৰ : পঞ্চভূতত বিলীন ড০ মনমোহন সিঙৰ নশ্বৰদেহ। আজি নতুন দিল্লীৰ নিগম বোধ ঘাটত তেওঁৰ শেষকৃত্য সম্পন্ন হয়।
মনমোহন সিঙৰ নশ্বৰ দেহ কান্ধত তুলি লৈছিল ৰাহুল গান্ধীয়েও। অন্তিম যাত্ৰাৰ পৰা অন্ত্যেষ্টিক্ৰিয়ালৈকে শোকাকূল অৱস্থাত দেখা গ’ল ৰাহুল গান্ধীক। অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত তাত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থাকে। এই সময়ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুও উপস্থিত আছিল আৰু শেষবাৰৰ বাবে মনমোহন সিঙক প্ৰণাম জনায়(Manmohan Singh Cremated At Delhi’s Nigambodh Ghat With Full Military Honours)।
প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়াত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা দেখা যায়। অন্তিম যাত্ৰাত সকলোৰে চকু সেমেকি পৰে। কংগ্ৰেছৰ সকলো ডাঙৰ নেতাক অন্তিম যাত্ৰাত দেখা গ’ল। মনমোহন সিঙৰ অন্তিম যাত্ৰাত দেখা গ’ল এখন পুষ্পসজ্জিত বাহন। সমগ্ৰ যাত্ৰাত ৰাহুল গান্ধীক বাহনখনত বহি থকা দেখা গৈছিল। এই সময়ছোৱাত তেওঁ মনমোহন সিঙৰ নশ্বৰ দেহৰ কাষতেই দেখা গ’ল।
ৰাহুলৰ উপৰিও অন্তিম যাত্ৰাৰ সময়ত মনমোহন সিঙৰ পৰিয়ালাকো দেখা গ’ল। সেনাবাহিনীৰ ট্ৰাকখনৰ দুয়োফালে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল। সেনাৰ ট্ৰাকখনৰ সৈতে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ লোকো পদব্ৰজে গৈ আছিল। আজি সমগ্ৰ দেশবাসীয়ে শেষবাৰৰ বাবে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে(Manmohan Singh Passes Away)।
লগতে পঢ়ক :Ration Cards Distribution : কলিয়াবৰত ৰেচন কাৰ্ড বিতৰণ