Dibrugarh News:ডিব্ৰুগড়ত আটছাৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস

ডিব্ৰুগড়,২৮ডিচেম্বৰ : ডিব্ৰুগড় মানকটা চাহ বাগিচা খেলপথাৰত অসম চাহ জনজাতি ছাত্র সন্থাৰ ৭৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা আটছাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ প্ৰৱেশদ্বাৰৰ দোৱাৰ মুকলি কৰিলে জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে(Dibrugarh News)।
ইয়াৰ পাছতে আটছাৰ প্ৰাক্তন নেতাসকলৰ জৰিয়তে ৭৭ খন পতাকা উত্তোলন কৰে। ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আটছাৰ প্ৰতিষ্ঠা কালৰ সৈতে জড়িত ব্যক্তিসকলক শ্ৰদ্ধাঞ্জলি জনাই। ইফালে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়।
লগতে পঢ়ক :Road Accident in Cachar:দলঙৰ ৰেলিং ভাঙি নৈত পৰিল ট্ৰাক