Road Accident in Cachar:দলঙৰ ৰেলিং ভাঙি নৈত পৰিল ট্ৰাক

কাছাৰ,২৮ডিচেম্বৰ : কাছাৰৰ কাটিগড়াত ভয়ংকৰ পথ দুৰ্ঘটনা । দলঙৰ ৰেলিং ভাঙি নৈত পৰিল এখন ট্ৰাক(Road Accident in Cachar)।
শুকুৰবাৰে নিশা বদৰপুৰৰ পৰা দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন ৬নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৱাৰ সময়ত কাটিগড়াৰ মধুয়া নৈৰ ওপৰত থকা দলংৰ ৰেলিঙ ভাঙি ট্ৰাকখন নৈত পৰি যায় ৷ প্ৰায় দুঘণ্টা পাছত স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে অভিযান চলাই দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক খনৰ পৰা চালকক গুৰুতৰ আহত অৱস্থাত উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।