Local, Vocal, Global

Heated situation in Dergaon:দেৰগাঁও পূব ব্ৰহ্মপুত্ৰ পঞ্চায়তত মাৰপিটৰ ঘটনা;মহিলাৰ ওপৰতো আক্ৰমণ কৰাৰ অভিযোগ

দেৰগাঁও,২৮ডিচেম্বৰ :দেৰগাঁও পূব ব্ৰহ্মপুত্ৰ পঞ্চায়তত অঘটন।

দেৰগাঁও পূব ব্ৰহ্মপুত্ৰ পঞ্চায়ত কাৰ্যালয়ত সভা চলি থকা সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

শুকুৰবাৰে দেৰগাঁও পূব ব্ৰহ্মপুত্ৰ পঞ্চায়ত কাৰ্যালয়টোত প্ৰধান মন্ত্ৰী গৃহ যোজনাৰ অধীনত দুখীয়া আৰু দৰিদ্ৰ লোকক গৃহ প্ৰদান কৰাকলৈ আলোচনা হৈ থকা সময়তে মাৰপিটৰ ঘটনাটো সংঘটিত হয়।মাৰপিটৰ ঘটনাত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় তফিকুৰ হুছেইন নামৰ এজন যুৱ(Heated situation in Dergaon)।

মহিলাৰ ওপৰতো আক্ৰমণ চলাই কেইটামান উদণ্ড যুৱকে।কাজিয়া এৰাবলৈ যোৱা মহিলাকো আক্ৰমণ কৰি আঘাত কৰে যুৱক কেইজনে। ঘটনাত আঘাত প্ৰাপ্ত হোৱা মহিলাই এজেহাৰ দাখিল কৰে দেৰগাঁও আৰক্ষী থানাত।

অভিযোগকাৰী চুলেমা বেগমে প্ৰায় ৫ জনকৈ ব্যক্তিৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰি উচিত শাস্তি প্ৰদানৰ বাবে আহ্বান জনায়।

লগতে পঢ়ক :Heated situation in Jorhat:চাৰি ছাত্ৰই চোকা অস্ত্ৰৰ আক্ৰমণ কৰিলৈ বয়োজেষ্ঠ ব্যক্তিক;কিন্তু কিয় ?