Local, Vocal, Global

Sensational Incident :পৰকীয়া প্ৰেমৰ বাবে স্বামীক হত্যা কৰাৰ অভিযোগ

ৰঙিয়া,২৮ডিচেম্বৰ : এক চাঞ্চল্যক ঘটনা । পৰকীয়া প্ৰেমৰ বাবে হত্যা স্বামীক। কিমান ভয়ংকৰ হ’ব পাৰে পৰকীয়া প্ৰেম (Sensational Incident) ।

দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। মানুহ যেন সময়ৰ সোঁতত লাহে লাহে পশুলৈ ৰূপান্তৰিত হ’ব ধৰিছে। বিগত বৰ্ষত পোহৰলৈ আহিছে এটাৰ পিছত আন এটা হত্যাকাণ্ডৰ ঘটনা। পৰকীয়া প্ৰেমৰ বাবে ৰাজ্যত সঘনাই সৃষ্টি হোৱা হত্য়াকাণ্ডৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । দেশত এতিয়াই পৰকীয়া প্ৰেমক লৈ সৃষ্টি হোৱা কেতবোৰ ঘটনাই চিন্তিত কৰি তুলিছে সকলোকে । পুনৰ পৰকীয়া প্ৰেম বাবে হত্যাৰ বলি হ’ল এগৰাকী লোক ।

এইবাৰ ৰঙিয়া পীতাম্বৰ হাটবজালীত পৰকীয় প্ৰেমৰ কৰুণ পৰিণতি। প্ৰেমিক আৰু নিজ পত্নীয়ে মিলি হত্যা কৰাৰ সন্দেহ স্বামীক । হত্য়া কৰা লোকজন বদিৰ আলী।

বদিৰ আলী ডিঙিত স্পষ্ট চিন আছে আঘাতৰ।বৰ্তমান ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ আটক কৰিছে পত্নী চেমিমা আখতাৰক লগতে আৰম্ভ কৰিছে জোৰদাৰ তদন্ত।

গাঁওবাসীয়ে জনোৱা অনুসৰি বহু দিন ধৰি পত্নী চেমিমা আখতাৰৰ প্ৰেমৰ সম্পৰ্ক চলি আছিল এজন যুৱকৰ সৈতে।

লগতে পঢ়ক :Dergaon News:মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই সষ্টম জিলা প্ৰশাসন তথা আৰক্ষী