Local, Vocal, Global

Guwahati Stabbing: মৌচুমীৰ শাহুৱেকৰ বিস্ফোৰক মন্তব্য…

নিউজ ডেস্ক,২৮ডিচেম্বৰ : ৰাজ্য জোকাৰি যোৱা লাষ্টগে’টৰ হত্যাকাণ্ড। গুৱাহাটীৰ লাষ্টগে’টৰ নাহৰণি পথত ভূপেন দাস নামৰ এজন কেব চালকে দিনৰ পোহৰতে ছুৰীৰে আক্ৰমণ কৰিছিল মৌচুমী গগৈক। যাৰ ফলত জিএমচিএইচত মৃত্যুক সাবটি লৈছিল মৌচুমীয়ে।

এই ঘটনাৰ পিছতে পোহৰলৈ আহে ন ন তথ্য । জানিব পৰা মতে, ভূপেন দাস বিবাহিত। পত্নী আৰু দুই সন্তান আছে ভূপেন দাসৰ। গুৱাহাটীৰ বশিষ্ঠত ভাড়াতীয়া হিচাপে থাকে পৰিয়াল সৈতে(Guwahati Stabbing)।

আনফালে, মৌচুমী গগৈয়ো বিবাহিতা। দুই সন্তানৰ মাতৃ মৌচুমী। কিন্তু দুই কন্যা সন্তানৰ ভিতৰত সৰু কন্যাৰ মৃত্যু হৈছিল। ডাঙৰ কন্যা থাকে স্বামী পৰিয়ালত। গুৱাহাটীলৈ আহি ভূপেন দাসৰ সৈতে প্ৰেমৰ সম্পৰ্ক হৈছিল মৌচুমীৰ।

ইফালে, মৌচুমীৰ শাহুৱেকৰ অভিযোগ অনুসৰি, মৌচুমীৰ পিতৃয়ে শেষ কৰিলে মৌচুমীৰ জীৱন। ২০১৫ চনত মৌচুমীয়ে বিবাহ হৈছিল টিংখাঙৰে ন চাউদাং গাঁৱৰ আৰক্ষী বিভাগত কৰ্মৰত মজিন চেতিয়াৰ পুত্র প্ৰভাকৰণ চেতিয়াৰ সৈতে। কিন্তু দুৰ্ভাগ্যবশত ২০১৯ চনত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল মৌচুমীৰ স্বামী প্ৰভাকৰণ চেতিয়াৰ। সেই সময়ত তেওঁলোকৰ এগৰাকী তিনি বছৰীয়া কন্যা থকাৰ উপৰিও মৌচুমী গৰ্ভৱতী আছিল। স্বামীৰ মৃত্যুৰ এমাহৰ পাছতে মৌচুমীৰ দ্বিতীয়গৰাকী কন্যা সন্তানৰ মাতৃ হয়।

কিন্তু দ্বিতীয় গৰাকী কন্যা সন্তানৰ ডেৰ বছৰ বয়স হোৱাৰ সময়তে ২০২১ চনত দুইগৰাকীকৈ কন্যাক এৰি স্বামী গৃহ ত্যাগ কৰে মৌচুমীয়ে। সেই বছৰে মৌচুমী গুৱাহাটীলৈ গুচি আহে। চলিত বৰ্ষৰ মাৰ্চ মাহত সৰু কন্যা গৰাকীৰ জটিল ৰোগত আক্রান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হ’ব লগা হোৱাৰ খবৰ লাভ কৰি মৌচুমীয়ে কন্যা কেইগৰাকীক সাক্ষাৎ কৰিবলৈ যায়। চিকিৎসাধীন হৈ থকাৰ সময়ত মৌচুমীয়ে সহযোগ কৰিছিল। চিকিৎসাধীন অৱস্থাতে সৰু কন্যাৰ মৃত্যুৰ সময়ত শেষ বাৰলৈ সাক্ষাৎ হৈছিল শাহু আৰু ডাঙৰ জীয়ৰীৰ সৈতে। তাৰ পাছৰ পৰাই কোনো যোগাযোগ নাই তেওঁলোকৰ সৈতে।

বৃহস্পতিবাৰে মাতৃৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতো ডাঙৰ কন্যাৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই বুলি সদৰী কৰে মৌচুমীৰ শাহুৱেকে। মৌচুমীৰ শাহুৱেকৰ অভিযোগ, মৌচুমীৰ পিতৃয়ে মৌচুমীৰ স্বামী ঘৰৰ পৰা মাতি লৈ গৈছিল আৰু পিতৃয়ে মৌচুমীৰ জীৱন শেষ কৰিলে।

লগতে পঢ়ক :Manmohan Singh death: আজি সম্পন্ন হ’ব ড০ মনমোহন সিঙৰ শেষকৃত্য