Local, Vocal, Global

Hatsingimari News: মানকাচৰৰ বিভিন্ন ঠাইত চলিছে বন ধ্বংসৰ প্ৰতিযোগিতা; কিয় নিৰৱ বন বিভাগ ?

হাটশিঙিমাৰী,২৭ডিচেম্বৰ : মানকাচৰৰ বিভিন্ন ঠাইত চলি আছে বন ধ্বংসৰ প্ৰতিযোগিতা। দক্ষিণ শালমাৰা মানকাচৰ জিলাখনত দীৰ্ঘ দিনৰ পৰা বিভিন্ন পাহাৰ সমূহত জেছিবীৰে চলি আছে আছে ধ্বংস লীলা।দেখিও নেদেখাৰ ভাও আমাৰ বন বিভাগৰ।

কাৰণ বন বিভাগৰ চকুত মোটা অংকৰ ধন সোমাইছে। সেয়েহে বন ধ্বংস কাণ্ড দেখিও নেদেখে বন বিভাগে।দিনে নিশাই জিলাখনৰ বাঘাপাৰা আৰু পানকাটা গাওঁ পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন পাহাৰ সমূহত জেছিবীৰ দ্বাৰা খননকাৰ্য চলাই থকাৰ মাজতো নিৰৱ ভুমিকা পালন জিলাখনৰ বন বিভাগে৷ দীৰ্ঘ দিন ধৰি একাংশ ব্যক্তিয়ে মোটা অংকৰ ধনৰ বিনিময়ত বন বিভাগক মেনেজ কৰি নিজৰ মুনাফা লাভৰ বাবে পাহাৰ সমূহ ধ্বংস কৰি আহিছে(Hatsingimari News)।

ইয়াৰ পাছতো জিলা প্ৰশাসনে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, ফলত শেষ হোৱাৰ দিশে পূৰ্বাঞ্চলৰ পাহাৰ সমূহ। জিলাখনৰ বন বিভাগক মোটা অংকৰ কমিচনৰ বিনিময়ত বন মাফিয়া সকলোকে সুবিধা প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে।

কাৰ ছত্ৰছায়াত চলি আছে এইবোৰ পাহাৰ খননকাৰ্য ইয়াকলৈ ৰাইজৰ মাজত প্ৰশ্নৰ উদ্ভৱ হৈছে।

উল্লেখ্য যে বিগত সময়ত মানকাচৰ বন সংমণ্ডলৰ অধিনৰ বিভিন্ন ঠাইত ধুবুৰীৰ বন বিভাগৰ সজাতি দলে অভিযান চলাই কেইবা লক্ষাধিক টকাৰ মূল্যৱান কাঠৰ কুণ্ডা জব্দ কৰিছিল। যি সময়ত চৰকাৰে গছপুলি ৰোপণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে, তেনে সময়ত দক্ষিণ শালমাৰা মানকাচৰ জিলাত বন ধ্বংস কৰা অভিযোগ উত্থাপিত হৈছে।

লগতে পঢ়ক :Sensational incident: নিজ বাসগৃহৰ ৰান্ধনীশালত উদ্ধাৰ কিশোৰীৰ মৃতদেহ