Deadbody recovered in Guwahati :হেঙেৰাবাৰীত চৰকাৰী আৱাস গৃহৰ পৰা উদ্ধাৰ দ্বীজেন দাসৰ মৃতদেহ

নিউজ ডেস্ক,২৭ডিচেম্বৰ : পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ। ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা(Deadbody recovered in Guwahati)।
ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে ।বিগত দিনসমূহত মহানগৰীৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । মহানগৰীত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে ।
যেন অপৰাধৰ ঘাটিত পৰিণত হ’বলৈ ধৰিছে মহানগৰ । মৃত্যু যেন এতিয়া সহজলভ্য হৈ পৰিছে মহানগৰীত।
গুৱাহাটীৰ হেঙেৰাবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড।হেঙেৰাবাৰীত চৰকাৰী আৱাস গৃহত উদ্ধাৰ মৃতদেহ। এই মৃতদেহ উদ্ধাৰৰ পাছতে অঞ্চলটোৰ ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে।
খবৰ অনুসৰি, হেঙেৰাবাৰীস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৰকাৰী আৱাসত উদ্ধাৰ হয় মৃতদেহটো। উদ্ধাৰ হোৱা মৃতদেহটো দ্বীজেন দাসৰ বুলি চিনাক্ত কৰা হৈছে।
উল্লেখযোগ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নিম্ন বৰ্গৰ সহায়ক আছিল দাস। ইফালে ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় আৰক্ষী আৰু ফৰেনচিকৰ দল।
লগতে পঢ়ক :Dead body found in Guwahati :পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ দুটা মৃতদেহ