Local, Vocal, Global

Drinking Water Issue : ধোঁৱাচাঙত চৰকাৰৰ হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি

কাছাৰ,২৬ডিচেম্বৰ : ধোঁৱাচাঙত চৰকাৰৰ হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি । যিসময়ত দেশত অমৃত কালৰ কথা কোৱা হৈছে, ৰাজ্য চৰকাৰে বিকশিত অসমৰ কথা কৈ ঢাক-ঢোল বজাইছে, উন্নয়নৰ অশ্বমেধ যাত্ৰাত ৰাজ্যত এতিয়া জয় জয় ময় ময় পৰিৱেশ বুলি ক’বলৈ চৰকাৰ বাহাদুৰে কুণ্ঠাবোধ কৰা নাই সেই সময়ত কাছৰৰ একাংশ গঞাই এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে(Drinking Water Issue)।

বিশুদ্ধ খোৱাপানীৰ দাবীত কাছাৰৰ ভাঙ্গাৰপাৰত পথ অৱৰোধ ৷ চাৰি বছৰৰ পৰা বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত ভাঙ্গাৰপাৰৰ প্ৰথম খণ্ডৰ ৰাইজ৷ঘৰে ঘৰে খোৱা পানী যোগানৰ উদ্দেশ্যে চৰকাৰে জলজীৱন মিচন আঁচনি ৰূপায়ন কৰিছে যদিও ভাঙ্গাৰপাৰৰ ৰাইজে এতিয়াও বঞ্চিত খোৱাপানী পৰা ৷ ফলত খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে বাসিন্দা সকলে ৷

অৱশেষত আজি বাধ্য হৈ শিলচৰ-কালাইন সংযোগী জয়ন্তীয়া পথ অৱৰোধ কৰে ক্ষুব্দ ৰাইজে ৷ হাতত কলচি লৈ পথ অৱৰোধ কৰিছে শ শ পুৰুষ মহিলাই।

লগতে পঢ়ক :Jamugurihat News:ৰঙাপৰাৰ ৰেলৱে সুৰক্ষা বাহিনীৰ হাতত জব্দ ৫৫ কেজি গাঞ্জা