Local, Vocal, Global

Woman attacked by miscreants in Guwahati city: লাষ্টগে’টত যুৱতীক ছুৰিকাঘাত কৰা যুৱকক চিনাক্ত

নিউজ ডেস্ক,২৬ডিচেম্বৰ : লাষ্টগে’টত যুৱতীক ছুৰিকাঘাত কৰা যুৱকক চিনাক্ত। ৰাজপথত যুৱতীক ছুৰীৰে আক্ৰমণ কৰা যুৱকজন ভূপেন দাস বুলি চিনাক্ত। ভূপেন দাসৰ ঘৰ নলবাৰীত। মৌচুমী গগৈ নামৰ যুৱতীগৰাকীক আক্ৰমণ কৰি নিজেও আত্মাহত্যাৰ চেষ্টা চলায় যুৱকজনে( Woman attacked by miscreants in Guwahati city)।

আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে সামাজিক মাধ্যমযোগে জনোৱা অনুসৰি, যুৱতীগৰাকীক ছুৰিকাঘাত কৰাৰ পিছতে নিজকে শেষ কৰাৰ চেষ্টা চলায় লোকজনে। বৰ্তমান আহত লোকজনক জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ্য যে, আজি পুৱাৰ ভাগত লাষ্টগে’টত মৌচুমী গগৈ নামৰ যুৱতীগৰাকীক ছুৰিকাঘাত কৰে ভূপেন দাসে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় যুৱতীগৰাকীৰ। তাৰ পিছতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।

লগতে পঢ়ক :Sensational incident:পুনৰ বহিঃৰাজ্যৰ হিন্দু যুৱকে অপহৰণ কৰিলে অসমৰ মুছলমান কিশোৰীক