Sensational incident:পুনৰ বহিঃৰাজ্যৰ হিন্দু যুৱকে অপহৰণ কৰিলে অসমৰ মুছলমান কিশোৰীক
বিলাসীপাৰা,২৬ডিচেম্বৰ : বিলাসীপাৰাত চাঞ্চল্যকৰ ঘটনা। পুনৰ বহিঃৰাজ্যৰ হিন্দু যুৱকে অপহৰণ কৰিলে অসমৰ মুছলমান ছাত্ৰীক। ১৩ বছৰীয়া কিশোৰীক অপহৰণ বহিঃৰাজ্যৰ যুৱকৰ ।
চলিত মাহৰ ১৮ তাৰিখত বিলাসীপাৰা বাঘমাৰীস্থিত মহল ইটা ভাটাত কৰ্মৰত বহিঃৰাজ্যৰ যুৱক প্ৰেম চান্দ ওৰফে লাখিয়ে ছাত্ৰীজনীক ফুচলাই অপহৰণ কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ। প্ৰেম চান্দ ওৰফে লাখিৰ ঘৰ উত্তৰ প্ৰদেশত বুলি জানিব পৰা গৈছে। কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে এই একেখন ইটা ভাটাত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে। ছোৱালী হ’ল চিৰাকুটা ১ম খণ্ড গাঁৱৰ শাহিনুৰ ইছলাম ১৩ বছৰীয়া কন্যা আলিফা বেগম(Sensational incident)।
এই ক্ষেত্ৰত আলিফাৰ পৰিয়ালে শালকোচা আৰক্ষী চকীত এজন এজাহাৰ দাখিল কৰে যদিও ৭ দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে কোনো সূং সূত্ৰ উলিয়াৱ পৰা নাই। অতি শীঘ্ৰে বাঘমাৰীস্থিত মহল ভাটাত কৰ্মৰত বহিঃৰাজ্যৰ শ্ৰমিক আৰু ভাটাৰ স্বাত্বাধিকাৰী ললিত আগৰৱালাৰ বিৰুদ্ধে তদন্ত বিচাৰিছে স্থানীন ৰাইজ আৰু দ’ল সংগঠনে। সংগঠনে আৰক্ষী প্ৰশাসনক ২৪ ঘন্টা সময় সীমা বান্ধি দিয়ে যে হিন্দু যুৱকৰ পৰা ছোৱালী জনীক উদ্ধাৰ নকৰিলে গণ তান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।