Tragic road accident in Jorhat: : পিকনিকস্থলীৰ পৰা উভতি অহাৰ পথ দুৰ্ঘটনাত নিহত যুৱতীৰ

নিউজ ডেস্ক,২৬ডিচেম্বৰ : পিকনিকস্থলীৰ পৰা উভতি অহাৰ পথত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত এগৰাকী যুৱতীৰ ।
যোৰহাটত সংঘটিত হৈছে এক দুৰ্ঘটনা। যোৰহাটৰ পিকনিকস্থলীৰ পৰা উভতি অহাৰ পথত সুৰাপায়ী চালকে সংঘটিত কৰিলে দুৰ্ঘটনা।
ঘটনা অনুসৰি, যোৰহাটৰ উপকণ্ঠৰ বাঘমৰাৰ পৰা বুধবাৰে সন্ধিয়া এগৰাকী যুৱতীসহ স্কুটীত অহা ৰফিকুল হুছেইন নামৰ যুৱকজনে নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত কৰে দুৰ্ঘটনা। স্কুটীৰ পিছৰ ছিটত বহি যোৱা পৰিস্মিতা বৰা নামৰ যুৱতীগৰাকীৰ দুৰ্ঘটনাত মৃত্যু হয়(Tragic road accident in Jorhat)।
স্কুটী চলাই যোৱা যুৱকজনে সুৰাপান কৰি গৈছিল। ইতিমধ্যে আৰক্ষীয়ে বাহনখন জব্দ কৰাৰ লগতে সুৰাপান কৰি দুৰ্ঘটনা সংঘটিত কৰা যুৱকজনক আটক কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।